মণিপুৰত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ, পৃথক অভিযানত কেৱাইকেএল কেডাৰ আৰু ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
ইম্ফল, ২৩ মে’ (হি.স.)। মণিপুৰৰ থৌবাল জিলাৰ খোংজম আৰক্ষী থানাৰ অন্তৰ্গত টেকচাম মানিং চিং এলেকাত বিগত ২৪ ঘণ্টাত চলোৱা এক তালাচী অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আ
Image of the Arms, Explosives Recovered in Thoubal; KYKL Cadre and Drug Smuggler Arrested in Separate Operations.


ইম্ফল, ২৩ মে’ (হি.স.)। মণিপুৰৰ থৌবাল জিলাৰ খোংজম আৰক্ষী থানাৰ অন্তৰ্গত টেকচাম মানিং চিং এলেকাত বিগত ২৪ ঘণ্টাত চলোৱা এক তালাচী অভিযানত নিৰাপত্তা বাহিনীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিছে।

উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত আছিল এখন এছএমজি কাৰ্বাইনসহ মেগাজিন, চাৰিটা বল্ট একশ্যন ৰাইফল, দুটা ৯ এমএম পিষ্টলসহ মেগাজিন, এখন চিংগল বেৰেল ব্ৰীচ লোডিং (এইচবিবিএল) বন্দুক, এখন ডাবল বেৰেল ব্ৰীচ লোডিং (ডিবিবিএল) বন্দুক, চাৰিটা ২ ইঞ্চি পেৰা বোমা, এটা ৩৬ এইচই হেণ্ড গ্ৰেনেড, দহটা ১২ ব’ৰ কাৰ্ট্ৰিজ আৰু তিনিটা জীৱিত ৯ এমএম গুলী।

ইফালে, একেদিনাই চলোৱা আন এক অভিযানত থৌবাল জিলাৰ খোংজম পাপাল লামখাই এলেকাৰ পৰা নিষিদ্ধ সংগঠন কেৱাইকেএল-ৰ এজন সক্ৰিয় কেডাৰক গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে। গ্ৰেপ্তাৰ হোৱা কেডাৰজনক নেপ্ৰাম বিকাশ সিং ওৰফে মাংলেম্বা ওৰফে ইংগোচা (৩০) বুলি চিনাক্ত কৰা হৈছে। তেওঁ লাংগাথেল চিংখোং লৈকাইৰ বাসিন্দা যদিও বৰ্তমান ৱাইখোং উয়ুং খুনৌত বাস কৰি আছিল।

আৰক্ষীৰ তথ্য অনুসৰি, গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ পৰা এটা মোবাইল ফোন জব্দ কৰা হয়।

আনহাতে, পৃথক ড্ৰাগছ বিৰোধী অভিযানত মণিপুৰ আৰক্ষীয়ে চুৰাচান্দপুৰ জিলাৰ ছিংনাট আৰক্ষী থানাৰ অন্তৰ্গত ছুৱাংদোহ গাঁৱৰ সমীপত স্থাপন কৰা অস্থায়ী যান-বাহন পৰীক্ষা চকীত এমজেড০১এডি-৫৪৭৪ নম্বৰৰ এখন মাৰুতি ইগ্নিছ বাহন আটক কৰে।

তালাচীৰ সময়ত বাহনখনত থকা ছিয়ামখানছুৱান সামটে (৪৪) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ চুৰাচান্দপুৰ জিলাৰ নিউ লামকাৰ গৌচিংখুপ ভেং এলেকাৰ বাসিন্দা।

বাহনখন তালাচী চলাই আৰক্ষীয়ে ৩৩টা চাবোনৰ কেছত ভৰ্তি সন্দেহজনক ব্ৰাউন ছুগাৰ আৰু প্ৰায় ৩.৮ কিলোগ্ৰাম ওজনৰ ৪০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰে। লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত বাহনখন আৰু এটা মোবাইল ফোনো জব্দ কৰা হৈছে।

ঘটনা কেইটাৰ সৈতে জড়িত অধিক তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande