
বজালী, ২২ মে (হি.স.)। উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিস্ত হল জুবিন গাৰ্গৰ প্ৰবন্ধ l অনুৰুপা চৌধুৰী যুগুত কৰা জুবিন গাৰ্গ এক কিম্বদন্তি শীৰ্ষক লেখাটো ৬ পৃষ্ঠা সামৰি প্ৰকাশ কৰা হৈছে l লগতে ডেৰ পৃষ্ঠাৰ আৰ্হি প্ৰশ্ন আৰু চমু প্ৰশ্ন যুগুত কৰা হৈছে l নিশ্চিত ভাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ এনে মহান প্ৰচেষ্টাই মহানায়ক গৰাকীক এক উপযুক্ত মৰ্যাদা দি অমৰ কৰি ৰখাৰ যি ঐকান্তিক প্ৰচেষ্টা সেয়া শলাগৰ বিষয় l
স্বাভাবিকতে জুবিন গাৰ্গক এনেদৰে পাঠ্যপুথিৰ মাজত পাই যথেষ্ঠ সুখী অনুভব কৰিছে শিক্ষাৰ্থী সকলে l পাঠশালাৰ শিখ্যাপীঠ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ প্ৰথম বাৰ্ষিকৰ শিক্ষাৰ্থী আৰু শিক্ষক বৃন্দয়ো দুখৰ মাজতো আনন্দ অনুভৱ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা