
গোৱালপাৰা, ২২ মে’ (হি.স.)। গোৱালপাৰাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ চলিব ধৰিছে। প্ৰায় দহদিন পিছত পুনৰ মেঘালয়ৰ পৰা লক্ষীপুৰৰ বনাঞ্চলত উভতি আহে বনৰীয়া হাতীৰ এটা জাক ।
খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীৰ জাকটোৱে পথৰ মাজত বিচৰণ কৰাত পথ যোগাযোগ বিচ্ছিন্ন হৈ পৰে । হাতীৰ জাকটোৱে বনাঞ্চলৰ মাজত বিচৰণ কৰাও পৰিলক্ষিত হৈছে। সম্প্ৰতি নিশা হাতী জাকৰ ভয়ত গোটেই নিশা উজাগৰে থাকিব লগা হৈছে গাওঁ খনৰ লোক সকলে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা