পাঠশালাত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস
নলবাৰী, ২২ মে (হি.স.)। পাঠশালাত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস। নিজৰ ঘৰৰ সন্মুখৰ পৰাই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ গ’ল সোণৰ চেইন।সোণৰ মূল্য বৃদ্ধি হোৱাৰ পিছতে যেন মহিলা সকলৰ নিৰাপত্তা সংকটত পৰিছে। পাঠশালা নগৰৰ ১০ নং ৱাৰ্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চ
পাঠশালাত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস


নলবাৰী, ২২ মে (হি.স.)। পাঠশালাত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস। নিজৰ ঘৰৰ সন্মুখৰ পৰাই মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ গ’ল সোণৰ চেইন।সোণৰ মূল্য বৃদ্ধি হোৱাৰ পিছতে যেন মহিলা সকলৰ নিৰাপত্তা সংকটত পৰিছে।

পাঠশালা নগৰৰ ১০ নং ৱাৰ্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। চিলনী চোৰে ঋণী কলিতা নামৰ এজনী মহিলাৰ ডিঙিৰ পৰা কাঢ়ি লৈ যায় গোল্ডৰ সোণৰ চেইন।জানিব পৰা মতে, পাঠশালা বজাৰৰ পৰা ঘৰলৈ উভতি গৈ থকা অৱস্থাত নিজৰ ঘৰৰ সন্মুখতেই ঘটনাটো সংঘটিত হয়।ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে পাঠশালা থানত এজাহাৰ দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande