
কোকৰাঝাৰ, ২২ মে’ (হি.স.): কোকৰাঝাৰত দুই ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুুৰা চাহবাগিছাৰ পুখুৰীৰ পৰা উদ্ধাৰ দুই ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয় । ঢোলমাৰা হাইস্কুলত অধ্যায়নৰত আছিল ছাত্ৰী দুগৰাকী । পুখুৰীৰ পৰা মৃতদেহ উদ্ধাৰ হোৱা ছাত্ৰী দুগৰাকীক ঢোলমাৰা হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী অনামিকা বাৰা (১৫) আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰী চৰিতা লাক্ৰা(১৪) বুলি জানিব পৰা গৈছে ।
উল্লেখ্য় যে যোৱা কালি বৃহস্পতিবাৰে ৰাতিপুৱা ১০ মান বজাত বিদ্যালয়ৰ পৰা উভতি আহোতে ছাত্ৰী দুগৰাকী সন্ধানহীন হৈ পৰা স্থানীয় ৰাইজে সদৰি কৰিছে । আনহাতে কালি বিয়লি ছাত্ৰী দুগৰাকীৰ মৃতদেহ চাহবাগানৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হয় । ইপিনে ছাত্ৰী দুগৰাকীৰ দুখন চাইকেল আৰু দুযোৰ ছেন্দেল পুখুৰীৰ পাৰত উদ্ধাৰ হয় ।
স্থানীয় ৰাইজে চাহ বাগিছাৰ পৰিচালকৰ ওপৰত ক্ষোভ প্ৰকাশ কৰাৰ লগতে গোটেই ঘটনাটোত ৰহস্যৰ সন্ধান পাইছে । সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু হিন্দু জাগৰণ মঞ্চই ঘটনাৰ গৰিহণা দি উচিত তদন্তৰ দাবী জনাইছে । সম্পূৰ্ণ ঘটনাটো ৰহস্যজনক বুলি মন্তব্য দি চাহবাগানৰ পৰিচালক আৰু কৰ্মচাৰীৰ মইমতালি গৰিহণাৰ যোগ্য বুলি মন্তব্য কৰিছে ।
আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰী দুগৰাকীৰ মৃতদেহ দুটা উদ্ধাৰ কৰাৰ লগতে মৰণোত্তোৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।উক্ত ঘটনাক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সম্প্ৰতি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ