হোজাইত প্ৰচণ্ড ব্ৰজপাত
হোজাইত প্ৰচণ্ড ব্ৰজপাত
হোজাইত প্ৰচণ্ড ব্ৰজপাত


হোজাই, ২২ মে’ (হি.স.): হোজাইত কালি সন্ধিয়া প্ৰচণ্ড ব্ৰজপাত হয় । হোজাই ৰামপুৰ আমতলা চাৰি আলি ৰোডৰ অজয় সিংৰ বাসগৃহ লগতে থকা নাৰিকল গছত পৰে ব্ৰজপাত । ইয়াৰ ফলত দাউ-দাউ কৈ জ্বলি উঠিল নাৰিকল গছজোপা।

বাসগৃহৰ সমীপতে নাৰিকল জোপা থকাৰ বাবে বাসগৃহটোৰ ইলেক্ট্ৰনিক সামগ্ৰী ক্ষতি সাধন হয় । অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰিয়াল টোৰ । যথা সময়ত অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande