
গোৱালপাৰা, ২২ মে (হি.স.)। গোৱালপাৰা চহৰত শেহতীয়াকৈ তীব্ৰতৰ হৈ পৰিছে ডাম্পাৰৰ দৌৰাত্ম্য। নীতি-নিয়মক অংগুষ্ঠ প্ৰদৰ্শন কৰি কালি দিনৰ পোহৰতে একাংশ ডাম্পাৰে চহৰখনত অবাধে চলাচল কৰি সাধাৰণ ৰাইজৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে। এই ডাম্পাৰৰ দৌৰাত্ম্যৰ মাজতেই গোৱালপাৰা চহৰৰ বাপুজী নগৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।বাপুজী নগৰত এখন বালি ভৰ্তি ডাম্পাৰে এখন ই-ৰিক্সাক প্ৰচণ্ড জোৰেৰে মহতিয়াই নিয়ে।
এই দুৰ্ঘটনাটোত ই-ৰিক্সাখনৰ বিস্তৰ ক্ষতিসাধন হয় যদিও, সৌভাগ্যক্ৰমে এক নিশ্চিত মৃত্যুৰ পৰা কথমপি ৰক্ষা পৰে ই-ৰিক্সাৰ চালকজন। জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা বালি ভৰ্তি ডাম্পাৰখনৰ পঞ্জীয়ন নম্বৰ হৈছে এ এছ ১৯ চি ২০৫১ চহৰৰ মাজেৰে দিনৰ ভাগত এনেদৰে গধুৰ বাহন চলাচল কৰাত নিষেধাজ্ঞা থকাৰ পিছতো কেনেকৈ এই ডাম্পাৰসমূহে অবাধে প্ৰৱেশ কৰিছে, তাক লৈ এতিয়া তীব্ৰ প্ৰশ্নৰ উত্থাপন হৈছে। গুৰুতৰ অভিযোগ উত্থাপন হোৱা অনুসৰি, একাংশ ডাম্পাৰ মালিকে আৰক্ষীক 'মেনেজ' কৰিহে দিনৰ পোহৰত এখনৰ পিছত আন এখন ডাম্পাৰ চহৰত প্ৰৱেশ কৰোৱাবলৈ সক্ষম হৈছে।প্ৰশাসনৰ নাকৰ তলতে চলি থকা ডাম্পাৰৰ এই দৌৰাত্ম্যৰ ফলত এতিয়া সাধাৰণ পথচাৰী আৰু ক্ষুদ্ৰ বাহনৰ চালকসকলৰ জীৱনলৈ চৰম ভাবুকি নামি আহিছে। এনে পৰিস্থিতিত দুৰ্ঘটনা সংঘটিত কৰা এ এছ ১৯ চি ২০৫১ নম্বৰৰ ডাম্পাৰখনৰ বিৰুদ্ধে আৰক্ষীয়ে কি আইনী ব্যৱস্থা গ্ৰহণ কৰে আৰু আগন্তুক দিনত চহৰখনত ডাম্পাৰৰ প্ৰৱেশ নিয়ন্ত্ৰণ কৰাত প্ৰশাসন কিমান দূৰ সফল হয়, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ