ফিফা বিশ্বকাপ ২০২৬ৰ বাবে নৰৱেৰ দল ঘোষণা, আৰ্লিং হালেণ্ড আৰু মাৰ্টিন অডেগাৰ্ড চামিল
নতুন দিল্লী, ২২ মে’ (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ বাবে বৃহস্পতিবাৰে নৰৱেই ২৬ জনীয়া দল ঘোষণা কৰে। প্ৰিমিয়াৰ লীগ চেম্পিয়ন আৰ্চেনালৰ তাৰকা মিডফিল্ডাৰ মাৰ্টিন অডেগাৰ্ডে দলটোৰ নেতৃত্ব দিব, আনহাতে মানচেষ্টাৰ চিটিৰ শক্তিশালী ষ্ট্ৰাইকাৰ আৰ্লিং হালেণ্ডো
फीफा विश्व कप के लिए नॉर्वे की टीम घोषित


নতুন দিল্লী, ২২ মে’ (হি.স.)। ফিফা বিশ্বকাপ ২০২৬ৰ বাবে বৃহস্পতিবাৰে নৰৱেই ২৬ জনীয়া দল ঘোষণা কৰে। প্ৰিমিয়াৰ লীগ চেম্পিয়ন আৰ্চেনালৰ তাৰকা মিডফিল্ডাৰ মাৰ্টিন অডেগাৰ্ডে দলটোৰ নেতৃত্ব দিব, আনহাতে মানচেষ্টাৰ চিটিৰ শক্তিশালী ষ্ট্ৰাইকাৰ আৰ্লিং হালেণ্ডো দলটোৰ অংশ।

আটাইতকৈ চৰ্চিত নিৰ্বাচন আছিল যুৱ গ’লৰক্ষক চেণ্ডাৰ টাংভিকৰ নিৰ্বাচন। হামবাৰ্গ এছ ভিৰ এই আনকেপেড গ’লৰক্ষকে নৰৱেৰ দলৰ অন্তিম স্থান নিশ্চিত কৰে। ২৩ বছৰীয়া টাংভিকক প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ বাবে নিৰ্বাচিত কৰা হৈছে।

গ’লৰক্ষক নিৰ্বাচনক লৈ কিছুদিনৰ পৰা জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। এছ কে ব্ৰেনৰ গ’লৰক্ষক মাথিয়াছ ডিংগেলেণ্ড আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে ফিফাই বড’/গ্লিমটৰ গ’লৰক্ষক নিকিতা হাইকিনৰ জাতীয়তা সলনি কৰাৰ অনুৰোধ নাকচ কৰে। পৰৱৰ্তী সময়ত টাংভিকক দলত অন্তৰ্ভুক্ত কৰা হয়।

২০২৬ চনৰ বিশ্বকাপৰ বাবে গ্ৰুপ Iলৈ টানি অনা হৈছে নৰৱে। এই গোটত ফ্ৰান্স, চেনেগাল, ইৰাকৰ দৰে শক্তিশালী দলো অন্তৰ্ভুক্ত। ইয়াক প্ৰতিযোগিতাখনৰ গ্ৰুপ অফ ডেথ বুলি গণ্য কৰা হয়।

নৰৱেৰ বিশ্বকাপ ২০২৬ দল

গ’লৰক্ষক : অৰ্জান হাস্কজল্ড নাইলেণ্ড, এগিল চেলভিক, চেণ্ডাৰ টাংভিক

ডিফেণ্ডাৰ : জুলিয়ান ৰায়ৰছন, মাৰ্কাছ হোমগ্ৰেন পেডাৰচেন, ডেভিদ মলাৰ উলফ, ফ্ৰেডেৰিক ব্জ’ৰকান, ক্রিষ্টোফাৰ আজেৰ, টৰবজৰ্ন হেগেম, লিঅ’ স্কেৰী অষ্টিগাৰ্ড, ছণ্ড্ৰে লেংগাছ, হেনৰিক ফালচনাৰ

মিডফিল্ডাৰ : মাৰ্টিন অডেগাৰ্ড, চেণ্ডাৰ বাৰ্জ, ফ্ৰেডেৰিক অৰ্চনেছ, পেট্ৰিক বাৰ্গ, ক্ৰিষ্টিয়ান থৰ্ষ্টভেড, মৰ্টেন থৰ্ছবি, থেলো আছগাৰ্ড

ফৰৱাৰ্ড : আৰ্লিং হালেণ্ড, আলেকজেণ্ডাৰ ছ’ৰলথ, জৰ্জেন ষ্ট্ৰেণ্ড লাৰ্চেন, এণ্টনিঅ’ নুছা, অস্কাৰ বব, আন্দ্ৰেয়াছ শ্বেলডেৰপ, জেন্স পেটাৰ হাউজে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande