

গুৱাহাটী, ২২ মে (হি.স.)। সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত গৰু ভৰ্তি বাহন এৰি পলায়ন চালকৰ। সোণাপুৰৰ বালিগেটৰ ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ০১ পি চি ২৯১৭ নম্বৰৰ এখন গৰু ভৰ্তি বাহনত সোণাপুৰ আৰক্ষীয়ে জব্দ কৰে ২৫ টাকৈ গো ধন।
চালক বিহীন বাহনখন ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা অৱস্থাত সোণাপুৰ আৰক্ষীয়ে জব্দ কৰে গো ধন সমূহ। গুৱাহাটীৰ দিশৰ পৰা উজনি অভিমুখী আছিল বাহন খন। উল্লেখযোগ্য যে ৰাজ্যত এনেদৰে এতিয়া চলি আহিছে চোৰাং গো সৰবৰাহ। কোনে কিয় সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ২৫ টাকৈ গো ভৰ্তি বাহন খন এৰি থৈ গল তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
সোণাপুৰ আৰক্ষীয়ে গৰু ভৰ্তি বাহন খন থানালৈ লৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
হিন্দুস্থান সমাচাৰ / Narayan Kar