হোজাইত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা
হোজাইত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।
হোজাইত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা


হোজাই, ২২ মে’ (হি.স.): হোজাইত যোৱা কালি সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । হোজাই মইনাপথাৰ পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় দুৰ্ঘটনাটো ।

ৰাস্তাৰ কাষতে ৰৈ থকা বলেৰ বাহন খনক খুন্দিয়াই পথ নিৰ্মাণত কাম কৰা Escorts বাহন খনে । বলেৰ বাহনত থকা ৩ জন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত হোৱা যাত্ৰী কেইগৰাকী বৰ্তমান গ্লোৱেল হস্তুপিতালত চিকিৎসাধীন হৈ আছে । আন এজনৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে । Escorts hydra বাহন খনৰ নম্বৰ এএছ ০৯ জে ১১৬২ বুলি জনা গৈছে । আৰু বলেৰখনৰ নম্বৰ এএছ ৩১ বি ৯৬৫২ বুলি কোৱা হৈছে । দুয়োখন বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনাটো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande