গোলাঘাটৰ খুমটাই বুটলিখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা
গোলাঘাটৰ খুমটাই বুটলিখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।
গোলাঘাটৰ খুমটাই বুটলিখোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা


গোলাঘাট, ২২ মে‘ (হি.স.): গোলাঘাট জিলাৰ খুমটাই বুটলিখোৱাত যোৱা কালি বৃহস্পতিবাৰে বিয়লি ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । পথৰ পৰা প্ৰায় ৯ ফুট তলত পৰিল এখন এল্ট বাহত । ঘটনাস্হলীতে নিহত হয় এগৰাকী লোক আৰু আহত হয় আন দুগৰাকী।

নিহত গৰাকীৰ নাম সপ্না সিং বুলি জানিব পৰা গৈছে । সপ্না সিং গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ এগৰাকী স্বাস্থ্য কৰ্মী আছিল।জানিব পৰামতে খুমটাইৰ পৰা গোলাঘাট অভিমুখে গৈ থকা এএছ ০৫ জেড ৯৪৬৯ নম্বৰৰ এই এল্ট বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা এটা কালভাৰ্টৰ তলত পৰাত এই দুৰ্ঘটনা সংঘটিত হয়। স্বাস্থ্য কৰ্মী সপ্না সিংৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে চিকিৎসালয়খনত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande