ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ
নগাঁও, ২২ মে (হি.স.)। ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমানৰ নিষিদ্ধ হেৰ''ইন জব্দ । ৰে''লযোগে নগাঁওৰ চাপৰমুখৰ পৰা কেৰেলালৈ নিষিদ্ধ হেৰ''ইন খিনি কঢ়িয়াই নিয়াৰ পৰিকল্পনা ৰচিছিল নগাঁওৰ নেকিবুৰ ৰহমানে। ৰঙিয়া ৰেল আৰক্ষীৰ নিয়মীয়া তালাছীত ৰঙিয়া ষ্টেচনত ৰ
ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ'ইন জব্দ


নগাঁও, ২২ মে (হি.স.)। ৰঙিয়া ৰেল জংচনত বৃহৎ পৰিমানৰ নিষিদ্ধ হেৰ'ইন জব্দ ।

ৰে'লযোগে নগাঁওৰ চাপৰমুখৰ পৰা কেৰেলালৈ নিষিদ্ধ হেৰ'ইন খিনি কঢ়িয়াই নিয়াৰ পৰিকল্পনা ৰচিছিল নগাঁওৰ নেকিবুৰ ৰহমানে।

ৰঙিয়া ৰেল আৰক্ষীৰ নিয়মীয়া তালাছীত ৰঙিয়া ষ্টেচনত ৰে'লৰ বাবে অপেক্ষা কৰি থকা সময়তে ড্ৰাগছ সহ আটক কৰে ধৃত নেকিবুৰ ৰহমানক

৫ টা পেকেটত মুঠ ৬২গ্ৰাম হেৰ'ইন সহ এটা মোৱাইল ফোন জব্দ কৰে নেকিবুৰ ৰহমানৰ পৰা।

বৰ্তমান ৰঙিয়া ৰেল আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰী নেকিবুৰ ৰহমানক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande