ঐতিহ্য মণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৭ তম্ জন্ম জয়ন্তী আয়োজন
যোৰহাট , ২২ মে (হি.স.)। ঐতিহ্য মণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৭ তম্ জন্ম জয়ন্তী আয়োজন। যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় পীঠস্থান শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিস্থিত ঢেকীয়াখোৱা বৰ নামঘৰত অসমীয়া ১৭ জেঠ ইংৰাজী ১ জুন তাৰিখে দিনযোৰা কা
ঐতিহ্য মণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৭ তম্ জন্ম জয়ন্তী আয়োজন


যোৰহাট , ২২ মে (হি.স.)। ঐতিহ্য মণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰত শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৭ তম্ জন্ম জয়ন্তী আয়োজন। যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত ধৰ্মীয় পীঠস্থান শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিস্থিত ঢেকীয়াখোৱা বৰ নামঘৰত অসমীয়া ১৭ জেঠ ইংৰাজী ১ জুন তাৰিখে দিনযোৰা কাৰ্যসূচীৰে ৫৩৭ তম্ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী পালন কৰিবলৈ আয়োজন কৰিছে।

দিনযোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা ৭,৩০ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা , দুপৰীয়া নাম প্ৰসংগ,গুৰু চৰিত্ৰ পাঠ,বাখ্যা আৰু বাখ্যাত মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বুঢ়াভকত দিলীপ শৰ্মা উপস্থিত থকাৰ লগতে নাম প্ৰসংগত নামাৰ্চায হিচাপে থাকিব বটৰগঞা সত্ৰৰ অৱনী গোস্বামী। আনহাতে কাৰ্যসূচী লগত সংগতি ৰাখি বিয়লি লৈ মাধৱদেৱ সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা বৰগীত আৰু সত্ৰীয়া নৃত্যৰ পৰিবেশন হ'ব। উক্ত কাৰ্যসূচীতে ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক আশীৰ্বাদ আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হ'ব। সেয়েহে ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিয়ে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande