
নতুন দিল্লী, ২২ মে’ (হি.স.)। পাঁচখন দেশৰ ভ্ৰমণৰ পৰা উভতি অহাৰ পিছতেই নিজ কৰ্মত ব্ৰতী হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । বৃহস্পতিবাৰে সন্ধিয়া তেওঁ মন্ত্ৰী পৰিষদৰ এখন বৈঠকৰ অধ্যক্ষতা কৰি সকলো মন্ত্ৰীৰ কৰ্মক্ষমতাৰ পৰ্যালোচনা কৰে।
বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাৰ পৰা সেৱা তীৰ্থত আৰম্ভ হোৱা এই উচ্চ পৰ্যায়ৰ বৈঠকখন প্ৰায় সাড়ে চাৰি ঘণ্টা ধৰি চলিছিল। মাৰাথন বৈঠকত শাসন সংস্কাৰ, প্ৰশাসনিক দক্ষতা আৰু উন্নত ভাৰত ২০৪৭ৰ চৰকাৰৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।
বৈঠকৰ সময়ত প্ৰায় ৯ জন মন্ত্ৰীয়ে নিজৰ মন্ত্ৰালয়ৰ কাৰ্য্যকলাপৰ বিষয়ে বিশদভাৱে উপস্থাপন কৰে । কেইবাজনো মন্ত্ৰীৰ কৰ্মক্ষমতাও পৰ্যালোচনা কৰা হয়। চৰকাৰী আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, সমন্বয়, ভৱিষ্যতৰ কৌশল আদিৰ ওপৰতো মন্ত্ৰীসকলৰ সৈতে আলোচনা কৰা হয়। মন্ত্ৰীসকলৰ বিগত কৰ্মক্ষমতা আৰু দুবছৰীয়া প্ৰতিবেদন পুনৰীক্ষণ কৰা হয়। বিশেষকৈ পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতিৰ পোহৰত চৰকাৰৰ অৰ্থনৈতিক নীতি, উন্নয়ন প্ৰকল্প, ভৱিষ্যতৰ ৰোডমেপ আদিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।
বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পাঁচখন দেশ ভ্ৰমণৰ সামৰণি সম্পৰ্কে সকলো মন্ত্ৰীক অৱগত কৰে । বিদেশ ভ্ৰমণৰ বাবে অনুপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু জে পি নাড্ডা। আন প্ৰায় সকলো কেবিনেট মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰী উপস্থিত আছিল।
উল্লেখযোগ্য যে এবছৰৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্ত্ৰী পৰিষদৰ বৈঠক আহ্বান কৰিছে। পূৰ্বৰ বৈঠকখন যোৱা বছৰ অৰ্থাৎ ২০২৫ চনত অনুষ্ঠিত হৈছিল । এই বৈঠকৰ পিছত মন্ত্ৰীসভাৰ সালসলনিৰ বিষয়ে জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। অহা মাহত মন্ত্ৰীসভাৰ সালসলনি সম্ভৱ বুলি ধাৰণা কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ