
কাছাৰ, ২২ মে (হি.স.)। সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰসাৰৰ উদ্দেশ্যে এক ব্যতিক্ৰমী তথা প্ৰশংসনীয় সিদ্ধান্ত গ্ৰহণ কৰিছে কাছাৰৰ পশ্চিম উধাৰবন্দৰ লাঠিগ্ৰাম ঈদগাহ সমিতিয়ে।
আসন্ন ঈদ-উল-আজহা (কুৰবাণী ঈদ)ৰ প্ৰস্তুতি পৰ্বৰ এক গুৰুত্বপূৰ্ণ সভাৰ পৰা এইবাৰ গৰু কোৰবানী বৰ্জন কৰাৰ এক ঐতিহাসিক আহ্বান জনোৱা হৈছে।
পশ্চিম উধাৰবন্দ লাঠিগ্ৰাম ঈদগাহ প্ৰাংগণত ঈদ উল আজহা উপলক্ষে অনুষ্ঠিত এক সভাত অঞ্চলটোৰ মুছলমান সমাজে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লয় যে, এইবেলি তেওঁলোকে ঈদত গৰু কোৰবানী বৰ্জন কৰিব ৷ শান্তিপূৰ্ণভাৱে ঈদ উদযাপনৰ স্বাৰ্থতে আমি সকলোৱে এইবাৰ গৰু বৰ্জন কৰিব লাগে বুলি মন্তব্য কৰে উপস্থিত বিশিষ্ট লোক সকলে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা