মঙলদৈৰ আৰক্ষীৰ জালত গভাইত গৰু চোৰ
দৰং, ২২ মে’ (হি.স.)। দৰং জিলাৰ মঙলদৈৰ আৰক্ষীৰ জালত পৰিছে গভাইত গৰু চোৰ। কোৰবানী ঈদৰ সময়তে মঙ্গলদৈত গৰু চুৰিৰ ঘটনা পোহৰলৈ আহিছে। মঙ্গলদৈ থানাৰ অন্তৰ্গত জাবৰীকুছিত বৃহস্পতিবাৰে নিশা ৰাইজে হাতে লোটে ধৰে গভাইত গৰু চোৰ মৃদুল হক আৰু বিল্লাল আলিক। ৰ
মঙলদৈৰ আৰক্ষীৰ জালত গভাইত গৰু চোৰ


দৰং, ২২ মে’ (হি.স.)। দৰং জিলাৰ মঙলদৈৰ আৰক্ষীৰ জালত পৰিছে গভাইত গৰু চোৰ।

কোৰবানী ঈদৰ সময়তে মঙ্গলদৈত গৰু চুৰিৰ ঘটনা পোহৰলৈ আহিছে।

মঙ্গলদৈ থানাৰ অন্তৰ্গত জাবৰীকুছিত বৃহস্পতিবাৰে নিশা ৰাইজে হাতে লোটে ধৰে গভাইত গৰু চোৰ মৃদুল হক আৰু বিল্লাল আলিক।

ৰাইজে পুজাৰ বাবে এৰি দিয়া এটি ষাঁড় গৰু দুই চোৰে বিক্ৰী কৰাৰ উদ্দেশ্যে নি থকাৰ সময়তে ৰাইজে ধৰি মঙ্গলদৈ আৰক্ষীক গতাই দিয়ে।

আৰক্ষীয়ে চুৰি ষাঁড় গৰু সহ দুই চোৰক মঙ্গলদৈ থানালৈ লৈ আনে আৰু সোধপোচ অব্যাহত ৰাখিছে ।

গভাইত গৰু চোৰ মৃদুল হকে গৰু টো চোৰ কৰি নিছিল বুলি স্বীকাৰ কৰে।

গৰু চোৰ মৃদুল হকৰ ঘৰ কলাইগাঁৱৰ আমগুৰি আৰু বিল্লাল আলিৰ ঘৰ ২ নং কলাই গাঁৱত বুলি জানিব পৰা গৈছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande