
গোলাঘাট, ২৩ মে (হি.স.)। মেৰাপানীৰ সাপেখাটিৰ টেঙাপুখুৰীত “এক পেড় মা কে নাম” আঁচনিৰ অধীনত অনুষ্ঠিত হয় এক বিশেষ বৃক্ষৰোপণ কাৰ্যসূচী। গোলাঘাট জিলা সামাজিক বনানীকৰণ বিভাগৰ সৌজন্যত আৰু দৈয়াং শাখা সাহিত্য সন্মিলনী, মেৰাপানী ফাউণ্ডেচন তথা প্ৰকৃতিপ্ৰেমী মৃদুল বৰাৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত বহু সচেতন ৰাইজে অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীৰ জড়িয়তে মেহগণি, নাহৰ, তিতাচপা আদি মূল্যবান গছপুলি ৰোপণ কৰা হয়। বিশেষকৈ কৃষক ৰাজীৱ গগৈৰ বাৰীত বহু গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰা হয়।
অনুষ্ঠানত বনাঞ্চলিক বিষয়া ৰূপমজোতি বৰুৱা, দীপক বৰা, প্ৰকৃতিপ্ৰেমী মৃদুল বৰা উপস্থিত থাকে। আয়োজকসকলে সকলোকে অধিক সংখ্যক গছপুলি ৰোপণ, প্ৰকৃতি সুৰক্ষাৰ প্ৰতি সজাগ সচেতন হোৱাৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা