
তিনিচুকীয়া, ২২ মে (হি.স.)। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানা এলেকাত আইপিএলৰ এখন বৃহৎ জুৱাখেল চলিবলৈ ধৰিছে বুলি উস্থাপিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যোৱা নিশা ইয়াৰ বৰহাপজান এলেকাত অভিযান চলাই দুটা আইপিএলৰ বুকিক গ্ৰেপ্তাৰ কৰে ৷ অভিযানকাৰী আৰক্ষী দলটোৱে বৰহাপজান বজাৰৰ অনিল প্ৰসাদ (৪৬) আৰু আমিৰুল ইছলাম (৪০)ক হাতেলোটে গ্ৰেপ্তাৰ কৰে ৷
দলটোৱে ধৃত দুটাৰ বাসগৃহত অভিযান চলাই লক্ষাধিক টকা মূল্যৰ সোণ আৰু ৰূপৰ আঅলংকাৰ, এটা আইফোনসহ তিনিটা ম’বাইল ফোন আৰু এএছ ২৩ ৱাই ৯১৪৩ নম্বৰ এখন আৰটিকা বাহন জব্দ কৰে ৷ আৰক্ষীয়ি ধৃত বুকি দুটাৰ ম’বাইলত অনলাইনযোগে আইপিএলৰ এজেণ্ট নিয়োগ কৰাৰ লগতে জুৱাৰ টকা অনলাইনযোগে সংগ্ৰহ কৰাৰ তথ্য লাভ কৰিছে ৷ তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক মায়ং কুমাৰৰ নিৰ্দেশত ডুমডুমা আৰক্ষীৰ সহযোগত তিনিচুকীয়াৰ আৰক্ষীয়ে আইপিএলৰ বুকিৰ বিৰুদ্ধে বৰহাপজানত অভিযান চলাই কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰিছে বুলি জানিব দিছে ৷ আৰক্ষীৰ অভিযানত বৰহাপজানৰ লগতে ডুমডুমা, ৰূপাই চাইডিং, তালাপ, অধ্যুষিত একাধিক এলেকাত আইপিএলৰ জুৱাৰ খেল চলি থকা তথ্য লাভ কৰিছে বুলি আৰক্ষীয়ে জানিব দিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ