মৰিয়নিত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ
যোৰহাট, ২২ মে (হি.স.)। মৰিয়নিত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ, লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মান হৈ থকা মৰিয়নি ধোদৰ আলিৰ পৰা মেলেং লক্ষীপুৰ সংযোগী প্ৰায় দেৰ কিলোমিটাৰ পথটো ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা লগতে চাইড বাম নি
মৰিয়নিত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ


যোৰহাট, ২২ মে (হি.স.)। মৰিয়নিত পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ, লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মান হৈ থকা মৰিয়নি ধোদৰ আলিৰ পৰা মেলেং লক্ষীপুৰ সংযোগী প্ৰায় দেৰ কিলোমিটাৰ পথটো ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা লগতে চাইড বাম নিদিয়াকৈ কাম কৰা অভিযোগ উত্থাপন হৈছে যাৰ বাবে নিৰ্মীয়মান অৱস্থাতে ব্লক ইটা সমূহ এৰাই যোৱা পৰিলক্ষিত হৈছে।

লগতে পথটো নিৰ্মাণ কৰি থকা অৱস্থাত লোক নিৰ্মাণ বিভাগৰ কোনো বিষয়া কৰ্মচাৰী উপস্থিত নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ, জনৈক ৰহমান উপাধিৰ এজন ঠিকাদাৰে লাভ কৰিছে এই কামৰ নিবিদা,লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীক মেনেজ কৰি চলাই গৈছে এইদৰে নিম্ন মানৰ কাম।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande