হাইলাকান্দিত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৩ কেজি ১৩০ গ্ৰাম গাঞ্জা
হাইলাকান্দি, ২২ মে (হি.স.)। লালা বজাৰত গাঞ্জাসহ দুই ব্যৱসায়ীক আটক কৰিব সক্ষম হই আৰক্ষী । হাইলাকান্দি জিলাৰ লালা আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰে দুজন অভিযুক্তক। সাহাবাদ বজাৰ অঞ্চলত চলোৱা উক্ত অভিযানত আৰক্ষীয়ে জব্দ কৰে
হাইলাকান্দিত আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৩ কেজি ১৩০ গ্ৰাম গাঞ্জা


হাইলাকান্দি, ২২ মে (হি.স.)। লালা বজাৰত গাঞ্জাসহ দুই ব্যৱসায়ীক আটক কৰিব সক্ষম হই আৰক্ষী ।

হাইলাকান্দি জিলাৰ লালা আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক কৰে দুজন অভিযুক্তক। সাহাবাদ বজাৰ অঞ্চলত চলোৱা উক্ত অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৩ কেজি ১৩০ গ্ৰাম গাঞ্জা।

আটক ব্যক্তিদ্বয় হৈছে সাহাৰুল আহমেদ আৰু অৰ্জুন ৰায়।

আৰক্ষীৰ উক্ত অভিযানক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ঘটনাৰ সৈতে জড়িত আন লোকৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande