
গুৱাহাটী, ২২ মে’ (হি.স.)। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ দ্বিতীয় দিনা আজি শুকুৰবাৰৰ কাৰ্যসূচী ৰাজ্যপাল লক্ষ্ণণ প্ৰসাদ আচাৰ্য্যৰ ভাষণেৰে আৰম্ভ হয়। ভাৰতীয় সংবিধানৰ ১৭৬ (১) অনুচ্ছেদৰ অধীনত ৰাজ্যপালে সদনত ভাষণ আগবঢ়াই শান্তি আৰু সুস্থিৰতা, অৰ্থনৈতিক প্ৰগতি, অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা, জনসাধাৰণৰ ভাষিক, সাংস্কৃতিক আৰু সামাজিক পৰিচয় অক্ষুন্ন ৰখা, উপযুক্ত কৰ্মসংস্থাপনৰ সৃষ্টি কৰা তথা তথ্য-ভিত্তিক পৰিকল্পনা, প্ৰতিষ্ঠানগত সংস্কাৰ আৰু সৰ্বাংগীন উন্নয়নৰ জৰিয়তে দীৰ্ঘম্যাদী অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা আলোকপাত কৰে। ৰাজ্যপালৰ অভিভাষণ পাঠ কৰাৰ সময়তে বিৰোধী দলসমূহে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী ধ্বনি দি সদনৰ পৰিৱেশ হুলস্থূলীয়া কৰি তোলে। ৰাজ্যপালৰ ভাষণ আৰম্ভ কৰাৰ ক্ষন্তেক পিছতে বিৰোধী কংগ্রেছৰ বিধায়কসকলে প্রতিবাদ কৰা পৰিলক্ষিত হয়। অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত কংগ্রেছৰ বিধায়কে প্রতিবাদ কৰে। প্লেকাৰ্ড প্রদৰ্শন কৰি প্রতিবাদ সাব্যস্ত কৰে কংগ্রেছৰ বিধায়কে। তেওঁলোকে মূল্যবৃদ্ধিৰ বিৰুদ্ধে কেন্দ্র, ৰাজ্যই কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ তোলে। কংগ্ৰেছৰ বিধায়কসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিধানসভাৰ অধ্যক্ষ তথা ৰাজ্যপালৰ আসনৰ সন্মুখলৈ গৈ প্ৰতিবাদী ধ্বনি দি পৰিৱেশটো উত্তাল কৰি তোলে। কিন্তু ইয়াৰ মাজতো ৰাজ্যপাল লক্ষ্ণণ প্ৰসাদ আচাৰ্য্যই সম্পূৰ্ণ ভাষণ পাঠ কৰে। ইয়াৰ পিছতে কংগ্ৰেছৰ সদস্যসকলে সদন ত্যাগ কৰে। ইফালে বিধায়ক অখিল গগৈয়ে বাৰে বাৰে হস্তক্ষেপ কৰি ৰাজ্যপালৰ ভাষণত বাস্তৱ পৰিৱেশ চিত্ৰিত হোৱা নাই বুলি সৰৱ হৈ থাকে।
ৰাজ্যপালে নিজ অভিভাষণত চৰকাৰখনক বিভিন্ন আঁচনি তথা পদক্ষেপৰ কথা উল্লেখ কৰে। ৰাজ্যপাল আচাৰ্য্যই ঋগবেদৰ এটি শ্লোক আওৰাই নিজৰ অভিভাষণ আৰম্ভ কৰে। ৰাজ্যপালে প্ৰগতি আৰু সমৃদ্ধিৰ অৰ্থে এক উমৈহতীয়া উদ্দেশ্য, পাৰস্পৰিক সন্মান আৰু সমূহীয়া দৃঢ়তাৰে কাম কৰি সকলো মতভেদৰ উৰ্ধলৈ গৈ অসমৰ প্ৰতিগৰাকী লোকৰ কল্যাণ, শান্তি আৰু আশা-আকাংক্ষাৰ প্ৰতি নিজকে সমৰ্পন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে সদ্য সমাপ্ত নিৰ্বাচনত স্পষ্ট আৰু নিৰংকুশ জনাদেশে গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনসাধাৰণৰ আস্থাৰ প্ৰতিফলন ঘটাইছে আৰু ইয়াত চৰকাৰখনে কৰি অহা শান্তি, অৰ্থনৈতিক সুস্থিৰতা আৰু সামগ্ৰিক উন্নয়নৰ ধাৰা চিত্ৰিত কৰিছে। তেওঁ কয় যে বিগত সময়ছোৱাত চৰকাৰখনে ৰাজ্যখনৰ অৰ্থনৈতিক যাত্ৰাপথক সুস্থিৰতাৰ পৰা শক্তিলৈ পৰিৱৰ্তিত কৰে। চৰকাৰখনে অৰ্থনৈতিক সুস্থিৰতা, উন্নত প্ৰশাসন ক্ষমতা আৰু বহনক্ষম ৰাজহুৱা বিনিয়োগৰ ওপৰত আধাৰিত উন্নয়নৰ পথ গ্ৰহণ কৰিছে বুলি তেওঁ কয়।
ৰাজ্যপালে কয় যে অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰতো এক উল্লেখনীয় সফলতা লাভ কৰিছে। বিগত পাঁচ বছৰত অসমৰ মুঠ ঘৰুৱা উতপাদন প্ৰায় ১৬ শতাংশৰ বাৰ্ষিক চক্ৰবৃদ্ধি হাৰত বৃদ্ধি পাইছে। ২০২৮-২৯ বৰ্ষৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি হৈ পৰাৰ লক্ষ্যৰে অসম ধীৰ গতিত আগবাঢ়িছে। একেদৰে জনমুৰি আয় দুগুণতকৈ অধিক বৃদ্ধি পাইছে তথা মূলধনী ব্যয়ো ২০২১-২১ বৰ্ষৰ তুলনাত ২০২৫-২৬ বৰ্ষত দুগুণ হৈছেগৈ।
চৰকাৰৰ লক্ষ্যৰ কথা উল্লেখ কৰি ৰাজ্যপালে কয় যে আন্তৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰা আৰু অবৈধ অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ এই চৰকাৰখনে সম্প্ৰীতি, সমতা আৰু ভাগবতৰা কৰা সভ্যতাসুলভ মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত বৃহত্তৰ অসমীয়া সমাজখনত পুনৰ নিৰ্মাণ আৰু শক্তিশালী কৰাৰ বাবে নিৰন্তৰ কাম কৰি যাব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কালজয়ী আদৰ্শৰে অনুপ্ৰাণিত এই চৰকাৰখনেও অসমৰ জনসাধাৰণৰ ভাষিক, সাংস্কৃতিক আৰু সামাজিক পৰিচয় সুৰক্ষিত কৰাৰ লগতে সামাজিক সম্প্ৰীতি আৰু সাংস্কৃতিত সংহতি শক্তিশালী কৰাৰ দিশত কাম কৰি যাব। লগতে ৰাজ্যখনৰ খিলঞ্জীয়া আৰু জনজাতীয় লোকসকলৰ অধিকাৰ, পৰম্পৰা, ভূমি আৰু ঐতিহ্যক সুৰক্ষা প্ৰদান কৰি যাব।
অসমক এই অঞ্চলৰ এক প্ৰধান অৰ্থনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বিত্তীয় সেৱা, ডিজিটেল বেংকিং আৰু ডাটা চেন্টাৰকে ধৰি সেৱা খণ্ডসমূহৰ শক্তাশালীকৰণৰ অৰ্থে চৰকাৰৰ পদক্ষেপৰ কথা উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে অৰ্থনীতিৰ সকলো খণ্ডতে সন্তুলিত আৰু দ্ৰুত উন্নয়নৰ বাবে প্ৰয়াস কৰাৰ লগতে প্ৰতিগৰাকী যুৱক-যুৱতীয়ে যাতে উপযুক্ত কৰ্ম সংস্থাপন লাভ কৰিব পাৰে তাৰ বাবে চৰকাৰে কাম কৰি যাব।
ইফালে পৰৱৰ্তী পাঁচ বছৰৰ বাবে অৰ্থনৈতিক আৰু বিত্তীয় ভৱিষ্যত কৰ্মপন্থাৰ ৰূপৰেখা দাঙি ধৰি ৰাজ্যপালে কয় যে এই চৰকাৰখন তথ্য ভিত্তিক পৰিকল্পনা, প্ৰতিষ্ঠানগত সংস্কাৰ আৰু সৰ্বাংগীন উন্নয়নৰ জৰিয়তে দীৰ্ঘম্যাদী অৰ্থনৈতিক পৰিৱৰ্তনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। এখন সমৃদ্ধিশালী, বহনক্ষম আৰু বিশ্বস্তৰীয় প্ৰতিযোগিতামূলক অসম গঢ়ি তোলাৰ বাবে এক বিস্তৃত পৰিকল্পনা হিচাপে ২০৪৭ চনলৈ বিকশিত অসম ভৱিষ্যত কৰ্মপন্থা প্ৰস্তুত কৰি আছে আৰু ইয়াৰ বাবে অনাগত পাঁচ বছৰত তথ্য-চালিত শাসন, জিলা পৰ্যায়ৰ পৰিকল্পনা আৰু ফলাফল-ভিত্তিক নীতি-নিৰ্ধাৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হব। তথ্যভিত্তিক নীতিভিত্তিক নীতি নিৰ্ধাৰণ আৰু তাতক্ষণিক নিৰীক্ষণ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বাবে নীতি আয়োগৰ সহযোগত ৰাজ্যিক তথ্য বিশ্লেষণ পৰ্টেল আৰু বিকশিত অসম কৌশল কক্ষৰ দৰে উন্নত ডিজিটেল শাসন মঞ্চ স্থাপনৰ প্ৰস্তাৱৰ কথাও ৰাজ্যপালে উল্লেখ কৰে।
অসমৰ অৰ্থনীতিয়ে শক্তিশালী স্থায়িত্ব আৰু বিকাশৰ গতি ধাৰাবাহিকতা অব্যাহত ৰাখি অসমক ২০২৮ৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতি গঢ়ি তোলা, উচ্চ অৰ্থনৈতিক বিকাশ ধৰি ৰখা আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে ৰাজহুৱা সম্পদত বিনিয়োগ সুসংহত কৰা, স্বচ্ছ প্ৰশাসন, বৈজ্ঞানিক অন্বেষণ আৰু বহনক্ষম পদ্ধতিৰ জৰিয়তে অসমৰ খনিজ সম্পদৰ সম্ভাৱনাক উন্মুক্ত কৰা, স্বচ্ছ আৰু প্ৰযুক্তি চালিত ব্যৱস্থাৰে আৱকাৰী বিভাগৰ স্বচ্চতা বৃদ্ধি কৰা, কৃষি, এমএছএমই, ষ্টাৰ্টআপ, উদ্যোগী আৰু স্ব-নিয়োজন খণ্ডৰ সৱলতা সৃষ্টি কৰা, অসমক প্ৰিমিয়াম অৰ্থডক্স চাহৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰা, আপোন ঘৰ, আপোন বাহন, অভিনন্দন আৰু বীমা সমৰ্থন আঁচনিৰ দৰে কল্যাণমূলক পদক্ষেপসমূহ আগবঢ়াই নিবলৈ চৰকাৰে আন্তৰিকতাৰে কাম কৰি যাব।
একেদৰে জাতি, মাটি আৰু ভেটি সুৰক্ষাৰ ব্যৱস্থাৰে বিধায়নী আৰু প্ৰশাসনিক ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা, নাগৰিকৰ সুৰক্ষা, মহিলাৰ নিৰাপত্তা আৰু শান্তি তথা ৰাজহুৱা শৃংখলা বজাই ৰখা, ৰাজ্যখনত দীৰ্ঘস্থায়ী শান্তি আৰু সুস্থিৰতা নিশ্চিত কৰাৰ অৰ্থে বিভিন্ন শান্তি চুক্তিৰ ধাৰাবাহিক ৰূপায়ণ কৰা, মিছন বসুন্ধৰাৰ অধীনত ব্যাপক সংস্কাৰ তথা দ্ৰুততৰ সেৱা প্ৰদান কৰা, ডিজিটেলকৰণ আৰু এআই তথা জিআইএছ ভিত্তিক প্ৰযুক্তিৰ জৰিয়তে ভূমি ব্যৱস্থাপনাৰ আধুনিকীকৰণ কৰা, সত্ৰৰ ভূমি সুৰক্ষিত কৰা, বানসুৰক্ষা, খহনীয়া-সহনশীল আৰু জলবায়ু-সহনশীল অসম গঢ়ি তোলাৰ ৰূপান্তৰ পদক্ষেপ গ্ৰহণ কৰা, কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন আদি চৰকাৰৰ মূল কাৰ্যসূচীৰ অভিকেন্দ্ৰৰূপে অব্যাহত ৰখা, সহকাৰ সে সমৃদ্ধি দৃষ্টিভংগীৰে সমবায় খণ্ডক অধিক শক্তিশালী কৰা, মহিলা সৱলীকৰণ, ডিজিটেল গ্ৰাম পঞ্চায়ত, নৱকৰণযোগ্য শক্তিৰ গ্ৰহণ আৰু মহিলা নেতৃত্বাধীন গ্ৰাম্য উদ্যোগৰ ওপৰত গুৰুত্ব আৰোপ, স্বাস্থ্য, চিকিতসা, শিক্ষা আৰু গুণগত শিক্ষা সৱলীকৰণৰ বাবে চৰকাৰৰ প্ৰতিবদ্ধতাৰ কথা ৰাজ্যপালে উল্লেখ কৰে।
ইয়াৰ উপৰি মাতৃ, শিশুৰ লালন-পালন তথা পুষ্টিগত সুৰক্ষা, খোৱাপানী, অনাময়, বন আৰু বহনক্ষম উন্নয়ন, পথ, দলং আৰু বিদ্যুত আন্তগাথনিৰ দ্ৰুত বিকাশ, উদ্যেগ, উদ্ভাৱন আৰু বিনিয়োগৰ ওপৰত গুৰুত্ব, নাগৰিক কেন্দ্ৰিক নগৰ পৰিৱেশতন্ত্ৰ নিৰ্মাণ কৰা, সেউজ চলাচল, জলপথ আৰু সংহত পৰিবহন আন্তগাথনি গঢ়ি তোলা, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম শিল্পৰ উন্নয়ন, অসম চুক্তিৰ ৰূপায়ণ কৰা, ক্ৰীড়া আৰু পৰ্যটনৰ উন্নয়ন কৰা, বৰাক উপত্যাকাৰ উন্নয়ন, সামাজিক ন্যায়, পিছপৰা শ্ৰেণীৰ ব্যাপক সৱলীকৰণ, পাহাৰ ভৈয়াম আৰু বিশেষ সম্প্ৰদায়ৰ সৰ্বাংগীন উন্নয়ন, পাৰ্বত্য অঞ্চল উন্নয়ন, বড়োলেণ্ড প্ৰাদেশিক অঞ্চলৰ কল্যাণ, চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ কল্যাণ সাধন, সংখ্যালঘূ সম্প্ৰদায়ৰ কল্যাণ তথা সৰল আৰু সহজলভ্য ন্যায় প্ৰদান ব্যৱস্থা গঢ়ি তোলাত চৰকাৰে কাম কৰি যোৱাৰ ওপৰত ৰাজ্যপালে তেওঁৰ ভাষণত উল্লেখ কৰে। ৰাজ্যপালে তেওঁৰ ভাষণত কয় যে শ্ৰীমন্ত শংকৰদেৱৰ সম্প্ৰীতি, কৰুণা আৰু সামূহিক কল্যাণৰ বাৰ্তাই চিৰন্তন আদৰ্শৰে অনুপ্ৰাণিত হৈ চৰকাৰখনে সমাজৰ সকলো শ্ৰেণীৰ কল্যাণৰ বাবে নিষ্ঠা আৰু প্ৰতিশ্ৰুতিৰে কাম কৰি যাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া