
গুৱাহাটী, ২২ মে’ (হি.স.)। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি শুকুৰবাৰে দ্বিতীয়টো দিন । চাৰিদিনীয়া এই অধিৱেশনৰ দ্বিতীয় দিনা আজি ৰাজ্যপালে বিধানসভাত সম্বোধন কৰিব। ভাৰতীয় সংবিধানৰ ১৭৬ (১) অনুচ্ছেদৰ অধীনত ৰাজ্যপালে সদনত ভাষণ আগবঢ়াব। ৰাজ্যপালৰ ভাষণত নৱগঠিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম-কাজ তথা চৰকাৰখনে আগন্তুক সময়ত গ্ৰহণ কৰিবলগা পদক্ষেপ সমূহৰ আলোকপাত কৰা হ’ব।
ইয়াৰ পূৰ্বে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথমটো দিনা বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাকে ধৰি ১২৫ জন বিধায়কে শপত গ্ৰহণ কৰে। ইফালে বিন্নাকান্দি সমষ্টিৰ বিধায়ক তথা এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে অসুস্থতাৰ বাবে আজি শপত গ্ৰহণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব নোৱাৰিলে । অধিৱেশনৰ প্ৰথম দিনা নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰাৰ লগতে বিধানসভাৰ অধ্যক্ষগৰাকী নিৰ্বাচিত কৰা হয়। এইবাৰ অসম বিধানসভাৰ পূৰ্ণকালীন অধ্যক্ষ হিচাপে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় জ্যেষ্ঠ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।
প্ৰথম দিনাই অস্থায়ী (প্ৰ’টেম) অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱ নিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰায়। মুখ্যমন্ত্ৰী তথা জালুকবাৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ড. হিমন্ত বিশ্ব শৰ্মাই প্ৰথম শপত গ্ৰহণ কৰে। অসমীয়াতে শপত লয় মুখ্যমন্ত্ৰী শৰ্মাই। ইয়াৰ পিছত ক্ৰমে মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে শপত গ্ৰহণ কৰে। ইয়াৰ পিছত ৰঞ্জিত কুমাৰ দাস, বিশ্বজিত দৈমাৰী, আমিনুল হক লস্কৰ, ৰিহণ দৈমাৰী, দিপ্লুৰঞ্জন শৰ্মা তথা ভৱেশ কলিতাকে ধৰি একাদিক্ৰমে বিধায়কসকলে শপত গ্ৰহণ কৰে। শপত লোৱ ১২৫ জন বিধায়কৰ ভিতৰত বহু কেইজন বিধায়কে অসমীয়া ভাষাত আৰু আনসকলে ক্ৰমে বড়ো, সংস্কৃত, বাংলা, হিন্দী, ইংৰাজী আৰু অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নোহোৱা থলুৱা ভাষা ক্ৰমে ৰাভা, ৰাজবংশী আৰু কাৰ্বি ভাষাতো শপত গ্ৰহণ কৰে। ১২৫ জন বিধায়কৰ ভিতৰত ১৭ জন বিধায়কে সংস্কৃত ভাষাত শপত লয়, ৭ গৰাকীয়ে বড়ো ভাষাত, ৮ গৰাকীয়ে বাংলা ভাষাত, পাঁচ গৰাকীয়ে কাৰ্বি ভাষাত, ৪ গৰাকীয়ে ইংৰাজী ভাষাত, দুগৰাকীয়ে হিন্দী ভাষাত, তিনিগৰাকীয়ে ৰাজবংশী ভাষাত আৰু এজনে ৰাভা ভাষাত শপত লয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া