
বাক্সা, ২২ মে’ (হি.স.)। বাক্সা জিলাৰ গোৰেশ্বৰৰ সমীপৱৰ্তী বৰডাঙ্গেৰীকুছিত দুবছৰে মুকলি নহ’ল প্ৰসূতিৰ বাবে নিৰ্মাণ কৰা চিকিৎসা গৃহ।
কামৰূপ জিলাৰ বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বৰডাঙ্গেৰীকুছি উপ স্বাস্থ্য কেন্দ্ৰৰ পিছফালে ১৫লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল চিকিৎসা গৃহটো।
কিন্তু নিৰ্মাণৰ দুবছৰ পাছতো চিকিৎসক নিযুক্তি নিদিয়াত কাৰ্যত পৰিত্যক্ত হৈ পৰিছে ছখন বিচনা যুক্ত গৃহটো।
অতি শীঘ্ৰে উপ স্বাস্থ্য কেন্দ্ৰটোত চিকিৎসক নিযুক্তি দি প্ৰসূতিৰ চিকিৎসাৰ সুব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক দাবী জনাইছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা