বদৰপুৰত আটক নকল কিন্নৰ
শ্ৰীভূমি, ২২ মে (হি.স.)। নকল কিন্নৰ সাজি টকা সংগ্ৰহ! বদৰপুৰত আটক নকল কিন্নৰ সজা যুবক, থানাত চমজাই দিলে আচল কিন্নৰে। শ্ৰীভূমিৰ বদৰপুৰত নকল কিন্নৰ সাজি সাধাৰণ ৰাইজৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগত এজন যুবকক আটক কৰি আৰক্ষীৰ হাতত চমজাই দিলে কিন্নৰ সমাজে।
বদৰপুৰত আটক নকল কিন্নৰ


শ্ৰীভূমি, ২২ মে (হি.স.)। নকল কিন্নৰ সাজি টকা সংগ্ৰহ! বদৰপুৰত আটক নকল কিন্নৰ সজা যুবক, থানাত চমজাই দিলে আচল কিন্নৰে।

শ্ৰীভূমিৰ বদৰপুৰত নকল কিন্নৰ সাজি সাধাৰণ ৰাইজৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগত এজন যুবকক আটক কৰি আৰক্ষীৰ হাতত চমজাই দিলে কিন্নৰ সমাজে।

বৃহস্পতিবাৰে নিশা বদৰপুৰ হনুমান মন্দিৰৰ সন্মুখত সংঘটিত এই ঘটনাই সমগ্ৰ এলেকাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।

জানিব পৰা মতে, কিন্নৰ সমাজৰ গুৰু মাতা অঞ্জনা চৰকাৰ তেওঁৰ সৈতে থকা কেইবাজনো কিন্নৰক লৈ উক্ত এলেকাত উপস্থিত আছিল।

সেই সময়ত এজন যুবকক নকল কিন্নৰৰ সাজি মানুহৰ পৰা টকা সংগ্ৰহ কৰা দেখি সন্দেহ হয় তেওঁলোকৰ। লগে লগে যুবকজনক আটক কৰি জেৰা চলোৱা হয় আৰু তাৰ পিছতেই ওলাই আহে আচল পৰিচয়!

আটক যুবকজনৰ নাম আখতাৰ হুছেইন ওৰফে “পূজা”। তেওঁৰ ঘৰ কাঠাখাল এলেকাত বুলি জানিব পৰা গৈছে। পিছত কিন্নৰ সমাজৰ সদস্যসকলে তেওঁক বদৰপুৰ থানালৈ লৈ গৈ আৰক্ষীৰ হাতত চমজাই দিয়ে।

ঘটনাক কেন্দ্ৰ কৰি হনুমান মন্দিৰ সংলগ্ন এলেকাত ৰাইজৰ ভিৰ উপচি পৰে। “আসল নে নকল?” চাবলৈ বহু লোক ঘটনাস্থলীত ভিৰ কৰে।

এই সন্দৰ্ভত গুৰু মাতা অঞ্জনা চৰকাৰে কয়— “বৰ্তমান বদৰপুৰসহ বিভিন্ন এলেকাত বহু যুবকে নকল কিন্নৰ সাজি মানুহৰ পৰা টকা সংগ্ৰহ কৰি আছে। ইয়াৰ ফলত প্রকৃত কিন্নৰ সমাজ বহু সমস্যাৰ সন্মুখীন হৈছে। মানুহে আসল আৰু নকল কিন্নৰৰ মাজত পাৰ্থক্য কৰিব নোৱাৰি আমাকো সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে।”

তেওঁ আৰু কয়, প্রকৃত কিন্নৰসকলে সমাজত সন্মানৰ সৈতে জীৱন যাপন কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু কিছুমান অসাধু লোকে কিন্নৰৰ পৰিচয় ব্যৱহাৰ কৰি ধোঁকাবাজিৰে টকা সংগ্ৰহ কৰাৰ ফলত সমগ্ৰ কিন্নৰ সমাজৰ সন্মান আৰু বিশ্বাসযোগ্যতা ক্ষুণ্ণ হৈছে। এই ধৰণৰ কাৰ্যকলাপ বন্ধ কৰিবলৈ প্ৰশাসনে কঠোৰ ব্যৱস্থা লোৱাৰ দাবীও জনায় তেওঁ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande