
হাইলাকান্দি, ২২ মে’ (হি.স.): হাইলাকান্দিত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় । সম্পূৰ্ণৰূপে জুইত জাহ গল এখ্ন ঘৰ।হাইলাকান্দি জিলাৰ পাচগ্ৰামত সংঘটিত হৈছে এই ঘটনা।
পাচগ্ৰাম সন্তুষনগৰ কলোনীৰ ৰজ্ঞিত দাস নামৰ এজন ব্যক্তিৰ ঘৰত অগ্নিকাণ্ড সংঘটিত হৈছে । জুইত জাহগল প্ৰায় তিনি লাখ টকা লগতে প্ৰয়োজনীয় ডকুমেন্ট আৰু সা-সামগ্ৰী । শ্বৰ্ট চাৰ্কিটৰ পৰা এই জুই সূত্ৰপাত হৈছে বুলি ধাৰণা কৰিছে স্থানীয় লোকে । সেই সময়ত ঘৰত পৰিয়ালৰ কোনো লোক নাছিল । গাঁৱৰ লোকে হতাত ঘৰত জুই দেখিবলৈ পায় আৰু স্থানীয় লোকে জুই নিৰ্বাপন কৰাৰ চেষ্টা চলায়। পিছত বদৰপুৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০ লাখ টকাৰ ক্ষয়ক্ষতি হৈছে বুলি ধাৰণা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ