
তিনিচুকীয়া, ২২ মে (হি.স.)। এইবাৰ ডিগবৈ সমজিলাৰ পদপথত প্ৰশাসনৰ উচ্ছেদ অভিযান।
ডিগবৈ চহৰৰ পদপথ সমুহত ডিগবৈ সমজিলা আৰু ডিগবৈ পৌৰ সভাই যুটিয়াভাৱে উচ্ছেদ চলাইছে।বিশেষকৈ পদপথসমুহত একাংশ অসাধু ব্যৱসায়ীয়ে অনৈতিক ভাৱে দখল কৰি বেপাৰ-বাণিজ্য চলাই আছিল। যাৰ ফলত ডিগবৈ চহৰখন চূড়ান্ত বিশৃংখল হৈ আছিল।এই সমুহ অস্থায়ী দোকান প্ৰশাসনে উচ্ছেদ কৰে।উল্লেখ্য যে পূৰ্বেও ডিগবৈ পৌৰ সভাই এনেদৰে উচ্ছেদ চলাইছিল যদিও কিছুদিনৰ পাছত পুনৰ চতুৰ বেপাৰী সকলে পৌৰসভাৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই পথটোত দোকান বহাই দিয়ে। কিন্তু এইবাৰ পূৰ্বৰ দৰে পুনৰ কোনো লোকে পদপথত দোকান বজাৰ বহালে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে। চহৰখন পৰিস্কাৰ আৰু শৃংখলাবদ্ধভাৱে সজাই তোলাত ডিগবৈ বাসীৰ সহায়-সহযোগ বিচাৰিছে ডিগবৈ সমজিলা প্ৰশাসন আৰু ডিগবৈ পৌৰ সভাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু