বাক্সাৰ গৰুমাৰাত বনৰীয়া হাতীৰ আক্ৰমণ
বাক্সাৰ গৰুমাৰাত বনৰীয়া হাতীৰ আক্ৰমণ।
বাক্সাৰ গৰুমাৰাত বনৰীয়া হাতীৰ আক্ৰমণ


বাক্সা, ২২ মে’ (হি.স.): বাক্সাৰ গৰুমাৰাত বনৰীয়া হাতীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় মহোদৰ বড়ো (৪৯) নামৰ লোকজন ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুটিকৈ হাতীয়ে পথাৰত বৰোধান শুকাবলৈ দি ৰৈ থকা অৱস্থাত মহোদৰ বড়োক আক্ৰমণ কৰে । আহত লোক গৰাকীক ততাতৈয়াকৈ মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । মানাহ ৰাষ্ট্ৰীয় উদ্যানত খাদ্যৰ অভাৱৰ বাবে জনাঞ্চলত এনেদৰে সঘনাই বনৰীয়া জীৱ-জন্তুৰ মুক্ত বিচৰণ দেখা যায় বুলি বিভিন্ন এনজিঅ তথা ছোচাইটিয়ে মন্তব্য কৰে । এনে সমস্যা শীঘ্ৰে সমাধানৰ বাবে চৰকাৰক আহ্বান জনায় এনজিঅ আৰু ছোচাইটি সমূহে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande