
ধুবুৰী, ২২ মে (হি.স.)। কুৰবাণী ঈদৰ আগমুহূৰ্তত গৰু বিৰোধী অভিযানত নামিল ধুবুৰী আৰক্ষীৰ দল। অভিযানত চাৰিটাকৈ গো-ধন জব্দ কৰে ধুবুৰী আৰক্ষীয়ে। ধুবুৰী আৰক্ষীৰ বৃহৎ দল এটাই ধুবুৰী ব্ৰহ্মপুত্ৰ নদীৰ সিপাৰে কুন্তীৰচৰত নাৱেৰে অভিযান চলাই চাৰিটা কৈ গো-ধন জব্দ কৰিবলৈ সক্ষম হয়।
ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতম দাসৰ নেতৃত্বত চলে এই গৰু বিৰোধী অভিযান । উল্লেখ্য যে বৃহস্পতিবাৰে ধুবুৰী জিলা মার্কাজ কমিটি আৰু ঈদগাহ কমিটিৰ সৈতে ধুবুৰী জিলা প্ৰশাসনৰ বৈঠকৰ পিচতে ধুবুৰীত গৰু আৰু মহ কোৰবাণী বন্ধ ঘোষণা কৰিছিল মার্কাজ কমিটি আৰু ঈদগাহ কমিটিয়ে ।
তাৰপিচতে আজি ধুবুৰী সদৰ আৰক্ষীয়ে গো-বিৰোধী অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে ইতিমদ্ধে গৰু চাৰিটাক জব্দ কৰি নিজৰ জিম্মাত নিয়ে। এই অভিযানত আৰক্ষীয়ে কাকো আটক কৰা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু