
গোলাঘাট, ২২ মে (হি.স.)। গুগল পে ব্যৱহাৰ কৰোতে সাৱধান । ভাৰতীয় সেনা বাহিনীৰ বিষয়া বুলি পৰিচয় দি ৫৭০০০ টকা লুটিলে দুৰ্বৃত্তই। দেৰগাঁও ৰঙামাটিৰ লোকেশ আগৰৱালা নামৰ ব্যৱসায়ীজনৰ পৰা অতি চাতুৰিৰে গুগল পে ৰ জৰিয়তে লুটিলে এই ধন । সেনা চাউনিত পানী যোগান ধৰিব লাগে বুলি পানীৰ ধন পৰিশোধ কৰাৰ চলেৰে গুগল পে ত কৰিছিল বিনিময় ।
গুজৰাটৰ সেনা বাহিনীৰ বিষয়া বুলি পৰিচয় দি প্ৰথমে ১০ টকা প্ৰেৰণ কৰিবলৈ কৈছিল লোকেশক। লোকেশে দহ টকা পঠাবলৈ চেষ্টা কৰিছিল গুগল পে নম্বৰত । তাৰ পিছতেই লোকেশৰ একাউন্টত থকা সমুদায় ধন লুটি নিয়ে দুৰ্বৃত্তই। ব্যৱসায়ীজন কাষ চাপিছে আৰক্ষীৰ। গুগল পে ব্যৱহাৰ কৰোতে সকলোকে সজাগ হৈ থকাৰ আহ্বান লোকেশৰ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু