
কামৰূপ, ২২ মে (হি.স.)। কামৰূপৰ লাহ শ্বহীদ বেদী চ’কত নিশা ভয়ানক অগ্নিকাণ্ডৰ ঘটনা।দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি নিমিখতে জুইত জাহ গ’ল এটা পৰিয়ালৰ বাসগৃহ।শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত লাহ শ্বহীদ বেদী চ’ক নিবাসী মোহন নাথৰ বাসগৃহত জুইৰ সুত্ৰপাত হয়।নিমিষতে জুইয়ে সমগ্ৰ বাসগৃহ আগুৰি ধৰাত ।ঘৰৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ আচবাবৰ লগতে পাটৰ তাতঁশাল , ১ টা পশুধন ( ছাগলী ) জুইত জাহ যায়।
অগ্লিকাণ্ডৰ ফলত মোহন নাথৰ পৰিয়ালৰ প্ৰায় ৩৫ লক্ষ্যধিক টকাৰ ক্ষয় ক্ষতি হয় ।আনহতে জুইয়ে মোহন নাথৰ ওচৰ চুবুৰীয়া নিৰঞ্জন নাথৰ বাসগৃহতো ক্ষতিগ্ৰস্ত কৰে ।জুইৰ সূত্ৰপাত বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও । মহ খেদিবলৈ ছাগলী বন্ধা গৃহত ছাগলীৰ কাষত জাবৰত জুই দিছিল ।জাবৰৰ জুই গৈ মোহন নাথৰ বাসগৃহৰ চিলিণ্ডাৰত লগাৰ সন্দেহ ।স্থানীয় ৰাইজৰৰ খৱৰ ভিত্তিত শুৱালকুছি অগ্নিনিৰ্বাপক বাহিনীৰ লগতে হাজোৰ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে ৰাইজৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ