হাইলাকান্দিত এক বিৰল কেন্সাৰ ৰোগ চিনাক্ত
হাইলাকান্দি, ২২ মে (হি.স.)। বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে ধৰা পৰিল “বেছেল চেল কাৰচিনোমা ” নামৰ বিৰল কেন্সাৰ। হাইলাকান্দি জিলাৰ এগৰাকী ৰোগীৰ দেহত এই কেন্সাৰ চিনাক্ত কৰা হৈছে। হাইলাকান্দি এছ কে ৰয় চিভিল হাস্পতালৰ কেন্সাৰ স্ক্ৰিনিং চেণ্টাৰত এই বিৰল ৰো
হাইলাকান্দিত এক বিৰল কেন্সাৰ ৰোগ চিনাক্ত


হাইলাকান্দি, ২২ মে (হি.স.)। বৰাক উপত্যকাত প্ৰথমবাৰৰ বাবে ধৰা পৰিল “বেছেল চেল কাৰচিনোমা ” নামৰ বিৰল কেন্সাৰ। হাইলাকান্দি জিলাৰ এগৰাকী ৰোগীৰ দেহত এই কেন্সাৰ চিনাক্ত কৰা হৈছে। হাইলাকান্দি এছ কে ৰয় চিভিল হাস্পতালৰ কেন্সাৰ স্ক্ৰিনিং চেণ্টাৰত এই বিৰল ৰোগ ধৰা পৰিছে বুলি জানিবলৈ দিয়ে চিকিৎসক ডাঃ অহিমিক বিশ্বাসে। অসম চৰকাৰ পৰিচালিত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনস্থ এই স্ক্ৰিনিং চেণ্টাৰটোত যোৱা দেৰ বছৰ ধৰি কেন্সাৰ পৰীক্ষাৰ কাম চলি আহিছে।

সেই কেন্দ্ৰতেই কালি এই ৰোগ চিনাক্ত হয়।চিকিৎসক ডাঃ অহিমিক বিশ্বাসে জনোৱা মতে, “বেছেল চেল কাৰচিনোমা ” অতি বিৰল ধৰণৰ কেন্সাৰ। তেওঁৰ ভাষাত, “এলাখ মানুহৰ ভিতৰত হয়তো এজনৰ দেহত এই ৰোগ ধৰা পৰে, বহু সময়ত এজনো নাথাকে। এই ৰোগ সূৰ্যৰ তাপমাত্ৰাৰ পৰা অতিৰিক্ত সুৰ্যৰ তাপ শৰীৰত পৰিলে তাপমাত্ৰাৰ পৰা শৰীৰৰ স্ক্ৰীনত এই ৰোগ হোৱাৰ সম্বভনা থাকে।আৰু এনে ৰোগ ভাৰতত ও খুব কম লোকৰ দেহত চিনাক্ত হয় বুলি জনাইছে চিকিৎসকে।ৰোগীগৰাকী হাইলাকান্দি জিলাৰ বাসিন্দা আৰু তেওঁৰ বয়স আনুমানিক ৫০ৰ পৰা ৬০ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে। যদিও ৰোগীৰ গোপনীয়তা ৰক্ষাৰ স্বাৰ্থত পৰিচয় প্ৰকাশ কৰা হোৱা নাই। বৰ্তমান ৰোগীগৰাকীক অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনস্থ শিলচৰ কেন্সাৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা অৰ্থাৎ পি এম জে এ ৱাই আঁচনিৰ অধীনত তেওঁৰ চিকিৎসা চলি আছে বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসা মহলত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য। কিয়নো অসমত ইয়াৰ পূৰ্বে এই বিৰল ধৰণৰ কেন্সাৰ ধৰা পৰাৰ নিশ্চিত তথ্য প্ৰায় নাই বুলিয়েই জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande