

গুৱাহাটী, ২২ মে (হি.স.)। বশিষ্ঠ আৰক্ষীৰ বৃহৎ সফলতা। বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুধৰ্ষ ডকাইত।
বিশেষকৈ গৰু চুৰিৰ লগত জড়িত ডকাইতৰ দলটো হাজো, নলবাৰী, মুকালমুৱা, আদাবাৰী আৰু নমাইলৰ পৰা গ্ৰেপ্তাৰ
কৰিছে আৰক্ষীয়ে।
ৰাজ্যৰ ভিন্ন প্ৰান্তত সন্ত্ৰাস চলোৱা ডকাইতৰ এই দলটোক বশিষ্ঠ আৰক্ষীয়ে এক সুনিপুন অভিযান চলায় কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
ধৃত ডকাইত কেইটা ক্ৰমে আব্দুল্লা আলী, জাকিৰ আলী, চান্দ মহমদ্দ আলী, মোস্তাফা আহমেদ, কাফিলুদ্দিন আলী আৰু বাদশ্বাহ আলী বুলি চিনাক্ত কৰা হৈছে
বিগত বহু বছৰ ধৰি গৰু চুৰি আৰু ডকাইতি কাৰ্যৰ সৈতে জড়িত আছিল দলটো। পূৰ্বতে এটিএম লুটৰ সৈতেও জড়িত থকাৰ তথ্য প্ৰকাশ পাইছে এই ডকাইতৰ দলটোৰ বিৰুদ্ধে।
পূৰ্বতেও বহু অপৰাধমূলক কাৰ্য সংঘটিত কৰিছিল দলটোৱে। চিচিটিভি কেমেৰাত বন্দী হৈছিল দলটোৰ শেহতীয়া গৰু চুৰিৰ দৃশ্য।
আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা জব্দ কৰে নম্বৰ প্লেটবিহীন চাৰিচকীয়া বাহন। লগতে জব্দ কৰে অপৰাধ কাৰ্যত ব্যৱহৃত ৰছী, চুৰি, নগদ ধন আৰু ৪ টাকৈ ম’বাইল ফোন। চাৰিচকীয়া বিলাসী বাহনৰ পাছফালে বিশেষ কাইদাৰে লুকুৱাই গৰু চুৰি কৰি আহিছিল দলটোৱে।
ধৃত আটাইকেইটাকে বৰ্তমান জেৰা অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / Narayan Kar