
বৰপেটা, ২২ মে (হি.স.)। সদৌ অসম ছাত্র সন্থাৰ আহ্বান মৰ্মে খাদ্য সামগ্রী, ইন্ধনজাত সামগ্রী আৰু পেট্ৰ'ল-ডিজেলৰ লগতে জীৱনদায়ীনি ঔষধৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত বৰপেটাত আছুৰ প্ৰতিবাদী সমদল।
সমগ্ৰ ৰাজ্যৰ লগতে সদৌ বৰপেটা জিলা ছাত্র সন্থাৰ নেতৃত্বত আজি বৰপেটা জিলা ছাত্র সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল যাত্ৰা কৰি বৰপেটা চহৰৰ মুখ্য পথ সমুহ পৰিভ্ৰমণ কৰে ৷
প্ৰবাদকাৰী সকলে ছাত্র সন্থা জিন্দাবাদ, মুল্যবৃদ্ধি ৰোধ কৰক, ভাৰত চৰকাৰ হায হায়, অসম চৰকাৰ হায় হায়, জয় আই অসম ধ্বনিৰে বৰপেটা চহৰৰ ৰাজপথ উত্তাল কৰি তোলে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা