গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন
ধুবুৰী, ২২ মে (হি.স.)। ধুবুৰীৰ গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা।এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। আনহাতে দুজনৰ অৱস্থা সংকট জনক। পুৱাৰ ভাগত গোলকগঞ্জৰ শ্যাম বজাৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুখনকৈ মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই
গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন


ধুবুৰী, ২২ মে (হি.স.)। ধুবুৰীৰ গোলকগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা।এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক। আনহাতে দুজনৰ অৱস্থা সংকট জনক। পুৱাৰ ভাগত গোলকগঞ্জৰ শ্যাম বজাৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুখনকৈ মালবাহী ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। মালবাহী ট্ৰাক আৰু ইটা কোৰিয়াই অনা ট্ৰাকৰ মাজত মুখা মুখী সংঘৰ্ষ। দুৰ্ঘটনাত পতিত মালবাহী ট্ৰাক খনৰ নম্বৰ হৈছে ইউ পি ১৪ এইছ টি ১০৮৫ আৰু ইটা কোৰিয়াই অনা ট্ৰাক খনৰ নম্বৰ এ এছ ২৫ এফ চি ৮৫২৭ । জানিব পৰা মতে উত্তৰ প্ৰদেশৰ পৰা অহা মালবাহী ট্ৰাকখনৰ চালক থিতাতে নিহত হয়।

মৃত চালক জন নাম শাকিল বুলি জানিব পৰা গৈছে। ইতিম্যে ঘটনা স্থলীত আৰক্ষী উপস্হিতহৈ আহত দুজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande