
কাছাৰ, ২২ মে (হি.স.)। কাছাৰৰ কাটিগড়া বিধান সভা সমষ্টিৰ সুবোধ নগৰ গাঁৱৰ ৭৪ নং অংগনবাড়ী কেন্দ্ৰত চলোৱা অংগনবাড়ী কৰ্মীজনৰ দুৰ্নীতিৰ বিৰুদ্ধে একাংশ স্থানীয় ৰাইজ সৰব হৈছে। প্ৰায় দেড় মাহ ধৰি এই অংগনবাড়ী কেন্দ্ৰটো বন্ধ হৈ আছে। যাৰ বাবে অঞ্চলটোৰ শিশু সকল নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। যদিও আইচিডিএছ প্ৰকল্পৰ অধীনত শিশুসকলৰ বাবে চৰকাৰে বিভিন্ন সামগ্ৰী আবণ্টন দিছে, তথাপিও অঞ্চলটোৰ সৰু শিশু সকলৰ বাবে একো হোৱা নাই।
একাংশ শিশুৰ শিক্ষাত ব্যাঘাত জন্মিছে। শিশুৰ খাদ্যৰ তথা পুষ্টিকৰ খাদ্য নাই। স্কুলৰ ইউনিফৰ্মৰ পৰা আৰম্ভ কৰি অন্যান্য শিক্ষা সামগ্ৰীলৈ চৰকাৰী আবণ্টন নাই। এনে পৰিস্থিতিত অঞ্চলটোৰ অভিভাৱক, শিক্ষা অনুৰাগীসকলৰ লগতে অংগনবাড়ী কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভানেত্ৰী আৰু বিষয়াসকলে বিভাগীয় ব্লক বিষয়া তথা চিডিপিঅ'ৰ কার্যালয়ত এটা অভিযোগ পত্র দাখিল কৰিছে। অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰেখা ৰাণী দাস কৰ্তব্যত অৱহেলিত হৈ কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈয়ে দিনক দিনে, মাহৰ পিছত মাহ কেন্দ্ৰটো বন্ধ কৰি চৰকাৰী ধন আত্মসাৎ কৰি আহিছে। কাছাৰ জিলা আয়ুক্ত ওচৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ পত্র দাখিল কৰাৰ উপৰি কাটিগড়াৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ কাষ চাপিছে।
স্থানীয় ৰাইজৰ অভিযোগৰ তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে। কৰ্মী ৰেখা ৰাণী দাসৰ বিৰুদ্ধে তেওঁলোকৰ আৰু এটা অভিযোেগ হ'ল অংগনবাড়ী কেন্দ্ৰটোক নিজৰ সম্পত্তি কৰি নিজৰ ইচ্ছামতে কেন্দ্রটো চলাই দিনক দিনে বিপথে পৰিচালিত কৰি আছে, কিন্তু স্থানীয় লোকে বাৰে বাৰে তেওঁৰ বিৰুদ্ধে মাত মাতিলেও মহিলাগৰাকীয়ে একো গুৰুত্ব নিদিয়ে।শুধু এয়া নহয় অঙ্গনওয়াড়ি কেন্দ্ৰত নতুন শিশুক ভৰ্তি কৰিবলৈ তেওক ৭০০ টকাৰ পৰা ১০০০ টকা উৎকোচ দিবলাগিয়া হয়।আনকি নিজৰ ঘনিষ্ঠ আত্মীয়লৈ আক্ৰমণৰ অভিযোগত কাটিগৰা থানাত তেওঁৰ বিৰুদ্ধে জামিনবিহীন গোচৰো চলি আছে। ফলত বিতর্কিত অংগনবাডী কৰ্মী ৰেখা ৰাণী দাসক অন্য ঠাইলৈ বদলি কৰাৰ লগতে ন্যায্য আৰু নিয়মীয়া পাঠদান আৰু শিশু খাদ্য বিতৰণৰ ক্ষেত্ৰত উপযুক্ত আৰু সুশিক্ষিত কৰ্মীক কেন্দ্রটো চলাবলৈ নিযুক্তি দিবলৈ একাংশ ৰাইজে তীব্র দাবী উত্থাপন কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ