
শোণিতপুৰ, ২২ মে (হি.স.)। সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো আছুৰ প্ৰতিৱাদ৷ ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে নিত্যব্যৱহাৰ্য্য সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধ, ইন্ধনজাত সামগ্ৰী, গাখীৰ , কণী, চিলিণ্ডাৰ আদিৰ৷ এই মুল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে চৰকাৰ৷
এচাম অসাধু ব্যৱসায়ীয়ে ইয়াৰ মুনাফা লৈ মজুত ৰাখিছে বিভিন্ন সামগ্ৰী৷ মুখ্যমন্ত্ৰীয়ে অসাধু ব্যৱসায়ীৰ লাইচেঞ্চ বাতিল কৰিব বুলি ঘোষণা কৰিলেও কিন্তু কাৰ্যক্ষেত্ৰত সেয়া হোৱা নাই বুলি অভিযোগ তেজপুৰ আছুৰ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত তেজপুৰ আছুয়ে চহৰৰ মাজমজিয়াত এই প্ৰতিবাদ সাব্যস্ত কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা