চামগুৰিত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড
নগাঁও, ২২ মে (হি.স.)। চামগুৰিত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড।চামগুৰিত পুনৰ একেখন দোকানতে চোৰৰ লুটপাত।চামগুৰি আৰক্ষী থানাৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত পুনৰ সংঘটিত হৈছে এক চুৰি কাণ্ড।চামগুৰিৰ ফুকনটোলস্থিত এখন ফাষ্ট ফুডৰ দোকানত কালি নিশা চোৰে চলায় লুটপ
চামগুৰিত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড


নগাঁও, ২২ মে (হি.স.)। চামগুৰিত সঘনাই সংঘটিত হৈছে চুৰি কাণ্ড।চামগুৰিত পুনৰ একেখন দোকানতে চোৰৰ লুটপাত।চামগুৰি আৰক্ষী থানাৰ পৰা প্ৰায় ১০০ মিটাৰ নিলগত পুনৰ সংঘটিত হৈছে এক চুৰি কাণ্ড।চামগুৰিৰ ফুকনটোলস্থিত এখন ফাষ্ট ফুডৰ দোকানত কালি নিশা চোৰে চলায় লুটপাত।উল্লেখ্য যে, যোৱা শনিবাৰেও একেখন দোকানতে চোৰে চুৰি কাণ্ড সংঘটিত কৰিছিল।

একেৰাহে সংঘটিত হোৱা এনে ঘটনাই স্থানীয় লোকসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, চামগুৰিত ড্ৰাগছৰ প্ৰয়োভৰ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ চোৰৰ উপদ্ৰৱো বৃদ্ধি পাইছে।

ঘটনাস্থলীত চোৰে সেৱন কৰি যোৱা সন্দেহযুক্ত ড্ৰাগছৰ অৱশিষ্টও উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।ইফালে, আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও অঞ্চলটোৰ আইন-শৃংখলা পৰিস্থিতিক লৈ ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande