
নতুন দিল্লী, ২১ মে’ (হি.স.)। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নড্ডাই বিশ্ব স্বাস্থ্য সভাৰ সময়ত এক অনুষ্ঠানত ভাষণ দি কয় যে সময়মতে পৰীক্ষা, আগতীয়াকৈ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ন্যায্য সুবিধা হৈছে এক শক্তিশালী আৰু জনকেন্দ্ৰিক স্বাস্থ্য ব্যৱস্থাৰ ভেটি। তেওঁ কয় যে হাওঁফাওঁৰ পৰীক্ষা কেৱল প্ৰযুক্তি বা সঁজুলিতে সীমাবদ্ধ নহয়; ই জীৱন ৰক্ষা কৰা, দুখ-কষ্ট হ্ৰাস কৰা আৰু স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাৰ বিষয়ে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে.পি. নড্ডাই ইয়াত বিশ্ব স্বাস্থ্য সভাৰ ৭৯ সংখ্যক অধিৱেশনৰ সময়ত আয়োজিত মন্ত্ৰীয় দৃষ্টিকোণ : হাওফাওঁ স্বাস্থ্যৰ পৰীক্ষা শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই অনুষ্ঠান ষ্টপ টিবি পাৰ্টনাৰশ্বিপৰ উদ্যোগত আৰু ভাৰত, জাপান, ফিলিপাইনছ আৰু জাম্বিয়াৰ সহযোগত আয়োজন কৰা হৈছে।
নড্ডাই কয় যে ভাৰতে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী আৰু টিবিমুক্ত ভাৰতৰ দৃষ্টিভংগীৰ অধীনত বিশ্বৰ সৰ্ববৃহৎ পৰীক্ষা আৰু আগতীয়া ধৰা পেলোৱা অভিযান ৰূপায়ণ কৰিছে। ঘৰে ঘৰে পৰীক্ষা, মোবাইল পৰীক্ষণ দল, সম্প্ৰদায়ৰ প্ৰচাৰ, আৰু উচ্চ বিপদজনক অঞ্চলত বিশেষ অভিযান চলোৱা হৈছে। জে পি নাড্ডাই কয় যে ভাৰতে আণৱিক পৰীক্ষণ মঞ্চ, ডিজিটেল বুকুৰ এক্স-ৰে সেৱা, এ আই ভিত্তিক ব্যাখ্যা সঁজুলি, হেণ্ডহেল্ড স্ক্ৰীনিং ডিভাইচ আৰু বিকেন্দ্ৰীকৃত পৰীক্ষণ ব্যৱস্থাকে ধৰি আধুনিক পৰীক্ষণ প্ৰযুক্তিৰ যথেষ্ট সম্প্ৰসাৰণ কৰিছে। বিশেষকৈ দূৰৱৰ্তী আৰু কম সেৱা পোৱা অঞ্চলত ৰোগ নিৰ্ণয়ৰ পলম হ্ৰাস কৰা এইবোৰৰ লক্ষ্য।
তেওঁ জোৰ দি কয় যে কেৱল নিদানেই যথেষ্ট নহয়; পুষ্টিৰ সহায়, চিকিৎসাৰ আনুগত্য, সামাজিক সুৰক্ষা, আৰু সম্প্ৰদায়ৰ সহায়ো অতি প্ৰয়োজনীয়। টিবি মুক্ত ভাৰত অভিযানৰ জৰিয়তে নাগৰিক, প্ৰতিষ্ঠান, কৰ্পৰেট, আৰু সম্প্ৰদায়ক টিবি ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিবলৈ নিয়োজিত কৰা হৈছে। তেওঁ উল্লেখ কৰে যে টিবি ফ্ৰী ইণ্ডিয়া এপটোত খুছি নামৰ এআই ভিত্তিক বহুভাষিক চেটবট অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে লক্ষণ, অধিকাৰ, আৰু ওচৰৰ পৰীক্ষা কেন্দ্ৰৰ বিষয়ে বাস্তৱ সময়ৰ তথ্য প্ৰদান কৰে।
বিশ্বব্যাপী সহযোগিতাৰ আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কোনো দেশেই হাওঁফাওঁৰ পৰীক্ষা আৰু টিবি নিৰ্মূলৰ প্ৰত্যাহ্বানসমূহ অকলেই মোকাবিলা কৰিব নোৱাৰে। তেওঁ আন্তঃৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ অংশ হিচাপে হাওঁফাওঁৰ পৰীক্ষাক সাৰ্বজনীন স্বাস্থ্য কভাৰেজ কাঠামোত অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, সুলভ মূল্যৰ নিদান প্ৰযুক্তিৰ সুবিধা বৃদ্ধি কৰা, প্ৰাথমিক স্বাস্থ্য ব্যৱস্থাক শক্তিশালী কৰা, উদ্ভাৱন আৰু ঘৰুৱা উৎপাদনক প্ৰসাৰ কৰা, আৰু বহনক্ষম বিত্তীয় সাহায্য নিশ্চিত কৰা।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া