
কলকাতা, ২১ মে’(হি.স.)। ভাৰতৰ সামুদ্ৰিক সুৰক্ষা সামৰ্থ্য শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে গাৰ্ডেনৰিচ শ্বিপবিল্ডাৰছ এণ্ড ইঞ্জিনিয়াৰে (জি আৰ এছ ই) ভাৰতীয় নৌসেনাৰ বাবে প্ৰথমখন নেক্সট জেনেৰেচন অফশ্ব’ৰ পেট্ৰ’ল জাহাজ (এন জি অ’ পি ভি) বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে ‘সংঘমিত্ৰা’। পৰম্পৰাগত বৈদিক জপ আৰু ধৰ্মীয় অনুষ্ঠানৰ মাজতে কলকাতাৰ জি আৰ এছ ই জাহাজ নিৰ্মাণ কাৰখানাত অনুষ্ঠিত হয় এই অনুষ্ঠান।
এই উপলক্ষে ভাৰতীয় নৌসেনাৰ জ্যেষ্ঠ বিষয়া, প্ৰতিৰক্ষা বিশেষজ্ঞ, আৰু জি আৰ এছ ইৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। এই যুদ্ধজাহাজখন উৎক্ষেপণ কৰে ভাইচ এডমিৰেল সঞ্জয় বাৎসয়নৰ পত্নী সৰিতা বাট্সায়নে।
প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে ‘সংঘমিত্ৰা’ৰ সফল আৰম্ভণি ভাৰতৰ ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ অভিযানৰ দিশত এক বৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে। সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই যুদ্ধজাহাজখনে ভৱিষ্যতে সামুদ্ৰিক চোৱাচিতা, উপকূলীয় নিৰাপত্তা, আৰু কৌশলগত অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
এন জি অ’ পি বি হৈছে দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক টহল, চোৰাংচোৱা বিৰোধী আৰু পাইৰেচি নিয়ন্ত্ৰণ, উপকূলীয় চোৱাচিতা, আৰু অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে ডিজাইন কৰা এখন অত্যাধুনিক বহুমুখী যুদ্ধজাহাজ। ইয়াৰ উপৰিও ই দুৰ্যোগ আৰু জৰুৰীকালীন সাহায্য অভিযান ফলপ্ৰসূভাৱে সম্পন্ন কৰিবলৈ সক্ষম হ’ব।
জি আৰ এছ ইৰ এই সাফল্যই পুনৰবাৰ দেশৰ প্ৰতিৰক্ষা উৎপাদন মানচিত্ৰত কলকাতাক আগৰণুৱা স্থানত স্থান দিছে। এই কৃতিত্ব কেৱল পশ্চিম বংগৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবেও গৌৰৱৰ বিষয় হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া