প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকীত উপ-ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি
নতুন দিল্লী, ২১ মে’ (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অৱদান আৰু ত্যাগক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে বাসগৃহত প্ৰাক্তন প্ৰধানম
उपराष्ट्रपति सीपी राधाकृष्णन  अपने आवास पर पूर्व प्रधानमंत्री राजीव गांधी को श्रद्धांजलि देते हुए।


নতুন দিল্লী, ২১ মে’ (হি.স.): উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলে বৃহস্পতিবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ অৱদান আৰু ত্যাগক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে বাসগৃহত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই কয় যে ৰাজীৱ গান্ধীৰ জনজীৱনলৈ আগবঢ়োৱা অৱদান আৰু ৰাষ্ট্ৰীয় সেৱাত তেওঁৰ ত্যাগক শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা হয়।

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকীত তেখেতক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশলৈ আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰাই দিয়ে।

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব।

আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালেও ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিকীত বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দেশৰ প্ৰতি তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে।

উল্লেখযোগ্য যে ১৯৯১ চনৰ ২১ মে’ত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত আত্মঘাতী বোমা বিস্ফোৰণত নিহত হোৱা ৰাজীৱ গান্ধীয়ে ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ কাৰ্যকালত কম্পিউটাৰাইজেচন, দূৰসংযোগ সম্প্ৰসাৰণ, প্ৰশাসনিক আধুনিকীকৰণৰ দিশত বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande