
গুৱাহাটী, ২১ মে (হি.স.)। সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত কেচু খান্দোতে ওলাল সাপ,
দুৰ্ঘটনা সংঘটিত কৰা বেলেন' বাহনত ওলাল চুৰি কৰা ছাগলী।
চালকৰ আসনৰ কাষৰ পৰা উদ্ধাৰ ড্ৰাগছৰ চিৰিঞ্জ।
জাগীৰোডৰ দিশৰ পৰা অহা এএছ ০১ নম্বৰৰ তীব্ৰবেগী বেলেন' বাহনখনে সোণাপুৰৰ ডিগাৰু গেটত দুখন বাহন মহতিয়াই পলায়ন কৰে।
পৰৱৰ্তী পৰ্যায়ত স্থানীয় ৰাইজে খেদি খেদি গৈ বাহন খন সোণাপুৰৰ কলেজ গেটৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে যদিও পলায়ন কৰিব সক্ষম হই চালকজন।
জব্দকৃত বাহন খনৰ পৰা আৰক্ষীয়ে এটি ছাগলী আৰু নিচাযুক্ত ড্ৰাগছৰ চিৰিঞ্জ উদ্ধাৰ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা