
শিৱসাগৰ, ২১মে (হি.স.)। শিৱসাগৰত নকল টকা তৈয়াৰ কৰা সামগ্ৰী জব্দ।
এখন বেটাৰী ৰিক্সাত কঢ়িয়াই অনা হৈছিল নকল টকা তৈয়াৰ কৰা সামগ্ৰী সমূহ।
দুজন ব্যক্তিয়ে এখন বেটাৰী ৰিক্সা ভাৰা কৰি কঢ়িয়াই আনিছিল সামগ্ৰী সমূহ।
শিৱসাগৰ আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলামৰ নেতৃত্বত গোপন সূত্ৰে এক অভিযান চলাই তলাতল ঘৰৰ সন্মুখৰ পৰা বেটাৰী ৰিক্সাসহ জব্দ কৰে সামগ্ৰী সমূহ।
আৰক্ষীয়ে ব্যক্তি দুজনৰ পৰা চাৰিটা মোবাইল ফোনো জব্দ কৰে।
আৰক্ষীয়ে নকল টকা বনোৱা সামগ্ৰী কঢ়িয়াই অনা দেৰগাৱৰ আৰ্চাদ আলি আৰু শিৱসাগৰ দৰিকাপাৰৰ বিতুল বৰা নামৰ ব্যক্তি দুজনক আটক কৰিছে।
আৰক্ষীয়ে দুয়োজন ব্যক্তিকে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা