কামৰূপৰ শিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
কামৰূপ, ২১ মে (হি.স.)। কামৰূপৰ শিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছ সৰবৰাহ কৰা এখন এম্বুলেন্স বাহন সহ বুজন পৰিমাণৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক। হাজোৰ দলৈতোলাৰ পৰা এএছ ১৪ এচি ১৫৫৮ নম্বৰৰ ৰোগী কঢ়িওৱা এম্বুলেন্সৰ সহায়ত
কামৰূপৰ শিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


কামৰূপ, ২১ মে (হি.স.)। কামৰূপৰ শিঙিমাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছ সৰবৰাহ কৰা এখন এম্বুলেন্স বাহন সহ বুজন পৰিমাণৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক।

হাজোৰ দলৈতোলাৰ পৰা এএছ ১৪ এচি ১৫৫৮ নম্বৰৰ ৰোগী কঢ়িওৱা এম্বুলেন্সৰ সহায়ত বুজন পৰিমাণৰ

ড্ৰাগছ হাজো - গুৱাহাটী সংযোগী পথৰে গুৱাহাটীলৈ সৰবৰাহ কৰাৰ সময়তে

হাজো আৰু দদৰা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শিঙিমাৰীত অভিযান চলাই ড্ৰাগছসহ আটক কৰে তিনি সৰবৰাহকাৰীক।

আৰক্ষীয়ে আটক কৰা তিনি ড্ৰাগছ সৰবৰাহকাৰী হৈছে

বৰপেটাৰ আমিৰ খান গুৱাহাটী ৰূপনগৰৰ অমল উদ্দিন আহমেদ আৰু গুৱাহাটীৰ পল্টন বজাৰৰ

বাসুদেৱ বৰা

আৰক্ষীয়ে সৰবৰাহকাৰীৰ পৰা ১২.৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে

ইতিমধ্যে আৰক্ষীয়ে এম্বুলেন্স খন জব্দ কৰাৰ লগতে

তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande