ষষ্ঠদশ অসম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাস
গুৱাহাটী, ২১ মে’ (হি.স.)। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন আজি বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। এই চমু অধিৱেশনৰ প্ৰথম দিনা নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰাৰ লগতে আজিয়েই বিধানসভাৰ অধ্যক্ষগৰাকী নিৰ্বাচিত কৰা হয়। এইবাৰ অসম বিধানসভাৰ পূৰ্ণকালীন অধ্যক
বিনাপ্ৰতিদ্বন্দ্বিতাৰে অধ্য়ক্ষ নিৰ্বাচিত জ্যেষ্ঠ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস


গুৱাহাটী, ২১ মে’ (হি.স.)। ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশন আজি বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে। এই চমু অধিৱেশনৰ প্ৰথম দিনা নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰাৰ লগতে আজিয়েই বিধানসভাৰ অধ্যক্ষগৰাকী নিৰ্বাচিত কৰা হয়। এইবাৰ অসম বিধানসভাৰ পূৰ্ণকালীন অধ্যক্ষ হিচাপে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় জ্যেষ্ঠ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ইয়াৰ পাছতে চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰ’টেম অধ্যক্ষৰ আসন ত্যাগ কৰি নতুন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক অধিবেশনৰ পৰৱৰ্তী কাম-কাজ চলাই নিয়াৰ বাবে দায়িত্বভাৰ অৰ্পণ কৰে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰঞ্জিত কুমাৰ দাস ইয়াৰ পূৰ্বেও অসম বিধানসভাৰ অধ্যক্ষ হোৱাৰ অভিজ্ঞতা আছে। তেওঁ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ২০১৬ৰ ১ জুনৰ পৰা ২০১৭ চনৰ ৩০ জানুৱাৰীলৈকে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল। ৰঞ্জিত কুমাৰ দাস এইবাৰ নৱগঠিত সৰভোগ-ভৱানীপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।

ইফালে ইতিহাস ৰচি দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত হোৱাৰ বাবে ৰঞ্জিত কুমাৰ দাসক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পিছতে তেওঁক মুখ্যমন্ত্ৰী তথা বিৰোধী তথা আনআন দলৰ নেতাসকলে বিধায়কৰ আসনত বহি থকাৰ পৰা অধ্যক্ষৰ আসনলৈ আগবঢ়াই নিয়ে। নৱ নিৰ্বাচিত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত বিধানসভা সুকলমে পৰিচালিত হোৱাৰ লগতে শাসক-বিৰোধী সকলো বিধায়ককে নিৰপেক্ষ দৃষ্টিভংগীৰে সমদৃষ্টি তথা সম সুবিধা প্ৰদান কৰিব বুলি মন্ত্ৰী তথা বিধায়কসকলে আশা ব্যক্ত কৰে।

ইফালে আজিৰ দিনটোতে বিৰোধী দলপতি হিচাপে নিৰ্বাচিত হয় ৱাজেদ আলী চৌধুৰী। হাইকামাণ্ডৰ অনুমতি সাপেক্ষে ৫বাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী চৌধুৰীক বিৰোধী দলপতি হিচাপে নিৰ্বাচন কৰে কংগ্ৰেছৰ বিধায়িনী দলে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande