
গোলাঘাট, ২১ মে (হি.স.)। নৱগঠিত অসম চৰকাৰৰ প্ৰথম বিধানসভা অধিবেশনৰ প্ৰথম দিনটোতেই মেৰাপানীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ সদস্য় সকলে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে। ইন্ধন, ঔষধ আৰু খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। মেৰাপানী টাউনত চৰকাৰ বিৰোধী শ্লোগান দিয়ে সংগঠনটোৰ সদস্য় সকলে। বহুজাতিক কোম্পানীৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিপৰীতে কৃষকে ফচলৰ উচিত মূল্য নোপোৱাৰ অভিযোগ।
কৃষক মুক্তিৰ সম্পাদক বিদ্যুত শইকীয়াৰ চৰকাৰক তীব্ৰ সমালোচনা। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰিলে অধিক তীব্ৰ আন্দোলনৰ হুংকাৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু