
দৰং, ২১ মে (হি.স.)। শিক্ষা বিভাগৰ আজৱ নিৰ্দেশনা।
২১ জুনৰ পৰিৱৰ্তে ২১ মে' ত অৰ্থাৎ আজিয়েই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ নিৰ্দেশ।
দৰং জিলা বিদ্যালয় সমূহৰ দ্বাৰা প্ৰকাশিত শৈক্ষিক কেলেণ্ডাৰে বিপাঙত পেলাইছে জিলা খনৰ বিদ্যালয় সমূহৰ কৰ্তৃপক্ষ সমূহক।
বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসৰ স্বাক্ষৰ সম্বলিত এই শৈক্ষিক কেলেণ্ডাৰত ২১ মেত অন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু পালনীয় দিন হিচাপে উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা