
নতুন দিল্লী, ২১ মে’(হি.স.)। আফ্ৰিকাৰ একাংশ দেশত ইব’লাৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু আফ্ৰিকান ইউনিয়নে ২৮ মে’ৰ পৰা ৩১ মে’লৈ দিল্লীত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ ভাৰত-আফ্ৰিকা ফ’ৰাম সন্মিলন পিছুৱাই দিছে। পাৰস্পৰিক আলোচনাৰ অন্তত ঘোষণা কৰা হ’ব নতুন তাৰিখ।
বৃহস্পতিবাৰে আফ্ৰিকান ইউনিয়নৰ সৈতে এক যৌথ বিবৃতিত এই কথা ঘোষণা কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ইয়াত উল্লেখ কৰা হৈছে যে, আফ্ৰিকান নেতা আৰু অংশীদাৰসকলৰ সম্পূৰ্ণ অংশগ্ৰহণ আৰু নিয়োজিততা নিশ্চিত কৰাৰ গুৰুত্বক স্বীকাৰ কৰি, আৰু মহাদেশখনৰ বিকাশশীল জনস্বাস্থ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ভাৰত চৰকাৰ, আফ্ৰিকান ইউনিয়নৰ অধ্যক্ষ, আৰু আফ্ৰিকান ইউনিয়ন আয়োগৰ মাজত শীৰ্ষ সন্মিলনৰ আয়োজন আৰু আনুষংগিক কাৰ্য্যকলাপ সম্পৰ্কে আলোচনা অনুষ্ঠিত কৰা হয়। এই আলোচনাৰ অন্তত দুয়োপক্ষই চতুৰ্থ ভাৰত-আফ্ৰিকা ফ’ৰাম সন্মিলন স্থগিত ৰখাটো উপযুক্ত হ’ব বুলি একমত প্ৰকাশ কৰে। শীৰ্ষ সন্মিলন আৰু আনুষংগিক বৈঠকৰ নতুন তাৰিখসমূহ পাৰস্পৰিক আলোচনাৰ জৰিয়তে চূড়ান্ত কৰা হ’ব আৰু সময়ত যোগাযোগ কৰা হ’ব।
বিবৃতিটোত আফ্ৰিকাৰ বিভিন্ন প্ৰান্তৰ বিকাশশীল স্বাস্থ্য পৰিস্থিতিৰ ওপৰত দুয়োপক্ষই মত বিনিময় কৰি সহযোগিতা অব্যাহত ৰখাৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰে। তদুপৰি ভাৰতে আফ্ৰিকাৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে সংহতি পুনৰ দৃঢ় কৰি আফ্ৰিকা চিডিচিৰ নেতৃত্বত চলা প্ৰচেষ্টাত অৰিহণা যোগাবলৈ সাজু বুলি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই ইব’লাক “আন্তঃৰাষ্ট্ৰীয় চিন্তাৰ জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা” বুলি ঘোষণা কৰিছে। অৱশ্যে ইয়াক এতিয়াও মহামাৰী ৰূপে চিহ্নিত কৰা হোৱা নাই। আফ্ৰিকাৰ দেশ কংগো, উগাণ্ডা, দক্ষিণ চুডানত কেইবাজনো ৰোগী ধৰা পৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া