
নগাঁও, ২১ মে (হি.স.)। কামপুৰ ঘিলানীত সংঘটিত বিধ্বংসী অগ্নিকাণ্ড । দাউ দাউকৈ জ্বলিল এখন ব্যৱসায় প্ৰতিষ্ঠান । তাহেৰা বেগম নামৰ মহিলা গৰাকীৰ গেলামাল দোকানত সংঘটিত অগ্নিকাণ্ড । অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে জ্বলি চাই হয় দোকান খন । কোনো দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ সন্দেহ দোকানৰ স্বত্বাধিকাৰীৰ ।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয় । নিশা তিনিমান বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । পৰৱৰ্তী সময়ত স্থানীয় লোকৰ সহযোগত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা