
নতুন দিল্লী, ২১ মে’ (হি.স.)। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে দেশত দ্ৰুতগতিত বিকশিত হৈ অহা সেউজ এক্সপ্ৰেছৱে আৰু নিয়ন্ত্ৰিত প্ৰৱেশ ঘাইপথসমূহে পথ যাতায়তৰ স্বৰূপ সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে মুম্বাই-পুনে এক্সপ্ৰেছৱে নিৰ্মাণৰ পিছত দুয়োখন চহৰৰ মাজত বিমান সেৱা প্ৰায় বন্ধ হৈ গৈছিল আৰু এতিয়া দিল্লী-ডেৰাডুন আৰু দিল্লী-জয়পুৰ পথত একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, কিয়নো পথেৰে যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস পাইছে।
আমেৰিকান চেম্বাৰ অৱ কমাৰ্চ ইন ইণ্ডিয়া (আমচাম)ৰ বাৰ্ষিক নেতৃত্ব সন্মিলনত ভাষণ দি নীতিন গাডকাৰীয়ে কয় যে আধুনিক প্ৰযুক্তি, উদ্ভাৱন, গৱেষণা, দক্ষতা, আৰু সফল পদ্ধতি ভৱিষ্যত অৰ্থনীতিৰ ভেটি। তেওঁ কয় যে জ্ঞানক সম্পদলৈ ৰূপান্তৰ কৰাটো ভৱিষ্যতৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক আৰ্হি, আৰু ভাৰত এই দিশত আগবাঢ়িছে।
তেওঁ উল্লেখ কৰে যে ভাৰত এতিয়া দ্ৰুতগতিত বৃত্তাকাৰ অৰ্থনীতিৰ দিশে আগবাঢ়িছে, য’ত আৱৰ্জনাক সম্পদলৈ ৰূপান্তৰিত কৰা হৈছে। পথ পৰিবহণ মন্ত্ৰালয়ে পথ নিৰ্মাণত পৌৰসভাৰ কঠিন আৱৰ্জনা ব্যৱহাৰ কৰি আছে। আজিলৈকে ৯০ লাখ টনতকৈ অধিক পৌৰসভাৰ কঠিন আৱৰ্জনা পথ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে। তেওঁ বুজাই দিলে যে জৈৱ-বিটুমিনৰ ওপৰত সফল গৱেষণা সম্পূৰ্ণ হৈছে, আৰু এতিয়া ৩০ শতাংশ পৰ্যন্ত জৈৱ-বিটুমিন পেট্ৰলিয়াম বিটুমিনৰ সৈতে মিহলি কৰিব পৰা যাব। ইয়াৰ উপৰিও ব্যৱহৃত টায়াৰৰ পৰা পোৱা ১৫ শতাংশ ৰবৰ পাউদাৰ আৰু সাত শতাংশ প্লাষ্টিকও পথ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা পথসমূহ সফল বুলি প্ৰমাণিত হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান হৈছে লজিষ্টিক খৰচ। ভাৰতত লজিষ্টিক খৰচ পূৰ্বে প্ৰায় ১৬ শতাংশ আছিল, কিন্তু এতিয়া ই একক সংখ্যাত উপনীত হৈছে। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, বাংগালুৰু, কানপুৰ, আৰু চেন্নাইৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দেশৰ লজিষ্টিক খৰচ প্ৰায় ছয় শতাংশ হ্ৰাস পাইছে। তেওঁ কয় যে সেউজ ঘাইপথ আৰু নিয়ন্ত্ৰিত প্ৰৱেশ এক্সপ্ৰেছৱেই এই পৰিৱৰ্তনৰ আটাইতকৈ ডাঙৰ চালক।
তেওঁ কয় যে দিল্লী-ডেৰাডুন পথত পূর্বতে আঠৰ পৰা ৯ ঘণ্টা সময় লাগিছিল যদিও নতুন সেউজ ঘাইপথ নির্মাণৰ লগে লগে এতিয়া এই দূৰত্ব প্রায় দুঘণ্টাত অতিক্রম কৰা হৈছে৷ দিল্লী-মুম্বাই পথত পূর্বতে ৪৮ ঘণ্টা সময় লাগিছিল যদিও এক্সপ্ৰেছৱেৰ ৮০ শতাংশ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে প্ৰায় ১২ ঘণ্টাত এই যাত্ৰা সম্ভৱ হৈ উঠিছে। দিল্লী-জয়পুৰ পথৰ যাত্ৰাৰ সময় ডেৰ-দুই ঘন্টালৈ হ্ৰাস কৰা হৈছে। দিল্লী-মীৰুট পথত চাৰি ঘণ্টীয়া যাত্ৰাত এতিয়া সময় লাগে ৪৫ মিনিট। বেংগালুৰু-মহীশূৰ পথত যাত্ৰাৰ সময় সাড়ে তিনি ঘণ্টাৰ পৰা প্ৰায় এঘণ্টালৈ হ্ৰাস কৰা হৈছে।
গাডকাৰীয়ে কয় যে সমগ্ৰ দেশতে ৩৬টা প্ৰৱেশ নিয়ন্ত্ৰিত ঘাইপথ গঢ়ি তোলা হৈছে। উত্তৰ ভাৰতক দক্ষিণ ভাৰতৰ সৈতে সংযোগ কৰিবলৈ বৃহৎ পৰিসৰৰ পথ প্ৰকল্পৰ কাম চলি আছে। দিল্লী-মুম্বাই এক্সপ্ৰেছৱে চুৰাটলৈকে সম্প্ৰসাৰণ কৰা হৈছে, য’ৰ পৰা নাচিক, আহমেদনগৰ, সোলাপুৰ, কুৰ্ণুল, চেন্নাই, বেংগালুৰু, কন্যাকুমাৰী, কোচি, আৰু তিৰুৱনন্তপুৰমলৈ নতুন পথ প্ৰকল্প গঢ়ি তোলা হৈছে। তেওঁ কয় যে এই প্ৰকল্পসমূহ সম্পূৰ্ণ হোৱাৰ পিছত দিল্লী আৰু চেন্নাইৰ মাজৰ দূৰত্ব প্ৰায় ৩৪০ কিলোমিটাৰ হ্ৰাস পাব।
তেওঁ কয় যে দেশত সুৰংগ নিৰ্মাণৰ কামো দ্ৰুতগতিত আগবাঢ়িছে। পূৰ্বে মানালীৰ পৰা ৰোহটাং পাছলৈ যাবলৈ সাড়ে তিনি ঘণ্টা সময় লাগিছিল যদিও এতিয়া সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত মাত্ৰ আঠ মিনিটতে এই দূৰত্ব অতিক্ৰম কৰা হৈছে। কাৰ্গিল অঞ্চলত পাঁচটা নতুন সুৰংগ নিৰ্মাণৰ কাম চলি আছে, আৰু প্ৰায় ৮০ শতাংশ জোজিলা সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হৈছে। ই এছিয়াৰ আটাইতকৈ দীঘল সুৰংগ। সোণামাৰ্গ আৰু শ্ৰীনগৰ অঞ্চলতো নতুন সুৰংগ প্ৰকল্পৰ কাম চলি আছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। দেশখনে প্ৰতি বছৰে প্ৰায় ২২ লাখ কোটি টকাৰ জীৱাশ্ম ইন্ধন আমদানি কৰে, যিটো বায়ু প্ৰদূষণৰ এক প্ৰধান কাৰণ। ইথানল, মিথানল, বায়’ডিজেল, তৰলীকৃত প্ৰাকৃতিক গেছ, বিদ্যুৎ, হাইড্ৰ’জেন আদি বিকল্প ইন্ধনৰ ওপৰত চৰকাৰে দ্ৰুতগতিত কাম কৰি আছে।
তেওঁ কয় যে হাইড্ৰজেন হৈছে ভৱিষ্যতৰ ইন্ধন, আৰু ভাৰতত কেইবাটাও পাইলট প্ৰকল্প আৰম্ভ কৰা হৈছে। গ্ৰেটাৰ নয়ডা-দিল্লী-আগ্ৰা, আহমেদাবাদ-বাদোদৰা-ছুৰাট, পুনে-মুম্বাই, জামছেদপুৰ-কলিংনগৰ, তিৰুৱনন্তপুৰম-কোচি, আৰু কোচি-এৰ্নাকুলামকে ধৰি ১০টা পথত হাইড্ৰজেন ইন্ধনযুক্ত বাহনৰ পৰীক্ষা চলি আছে। তেওঁ কয় যে টাটাৰ হাইড্ৰজেন ইন্ধন চালিত ট্ৰাকসমূহৰ পৰীক্ষণো আৰম্ভ হৈছে।
গাডকাৰীয়ে কয় যে ভাৰত এতিয়া ইলেক্ট্ৰ’লাইজাৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে। হাইড্ৰজেন উৎপাদনৰ ব্যয় প্ৰতি কিলোগ্ৰামত ১ ডলাৰলৈ হ্ৰাস কৰাৰ লক্ষ্য চৰকাৰৰ। তেওঁ কয় যে কৃষি অৱশিষ্ট, জৈৱিক পৌৰসভাৰ আৱৰ্জনা আৰু জৈৱবস্তুৰ পৰা হাইড্ৰজেন আৰু জৈৱ-চিএনজি উৎপাদনৰ কামো চলি আছে। দিল্লীত খোলা জ্বলোৱাৰ ফলত হোৱা প্ৰদূষণ হ্ৰাস কৰাৰ বাবে ৪০০ৰো অধিক প্ৰকল্প আৰম্ভ কৰা হৈছে, ইয়াৰে ইতিমধ্যে ২০০টা প্ৰকল্পৰ কাম আৰম্ভ হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া