দিল্লীত ৰেচন কাৰ্ডৰ যোগ্যতাৰ বাবে পৰিয়ালৰ আয়ৰ সীমা বৃদ্ধিৰ ঘোষণা
নতুন দিল্লী, ২১ মে’(হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ৰেচন কাৰ্ডৰ যোগ্যতাৰ বাবে পৰিয়ালৰ আয়ৰ সীমা বছৰি ১.২০ লাখ ₹ৰ পৰা ২.৫ লাখ ₹লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে দিল্লী সচিবালয়ত এখন সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ক
दिल्ली सचिवालय में गुरुवार को  प्रेस कांफ्रेस करती मुख्यमंत्री रेखा गुप्ता


নতুন দিল্লী, ২১ মে’(হি.স.)। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ৰেচন কাৰ্ডৰ যোগ্যতাৰ বাবে পৰিয়ালৰ আয়ৰ সীমা বছৰি ১.২০ লাখ ₹ৰ পৰা ২.৫ লাখ ₹লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।

বৃহস্পতিবাৰে দিল্লী সচিবালয়ত এখন সংবাদমেলযোগে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে কেৱল যোগ্য ব্যক্তিয়েহে ৰেচন লাভ কৰিব লাগে। এই দিশত দিল্লী চৰকাৰে অহৰহ কাম কৰি আছে। ৭৭১,৩৮৪ জন অযোগ্য ব্যক্তিৰ ৰেচন কাৰ্ড বাতিল কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ ভিতৰত আয়ৰ সীমা অতিক্ৰম কৰা ১ লাখ ৪৪ হাজাৰ, এবছৰ ধৰি ৰেচন নোপোৱা ৩৫,৮০০, মৃত্যু হৈছে ২৯,৫৮০গৰাকীৰ আৰু ২৩,৩৯৪ খন ডুপ্লিকেট ৰেচন কাৰ্ড।

তেওঁ কয় যে ১৫ মে’ৰ পৰা নতুন ৰেচন কাৰ্ডৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল আৰু বায়’মেট্ৰিক ভিত্তিক হ’ব। আধাৰ কাৰ্ড, বাসস্থানৰ প্ৰমাণ পত্ৰ, পৰিয়ালৰ আয়ৰ প্ৰমাণ পত্ৰ, আৰু পৰিয়ালৰ সদস্যৰ সবিশেষ প্ৰয়োজন হব। তেওঁ কয় যে ৰেচন বিতৰণো বায়’মেট্ৰিক পদ্ধতিৰে কৰা হ’ব, স্বচ্ছতা নিশ্চিত কৰা হ’ব আৰু সকলো ৰেচন সঠিক লোকৰ ওচৰলৈ যোৱাটো নিশ্চিত কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে কয় যে বিগত ১৩ বছৰ ধৰি দিল্লীৰ লাখ লাখ দৰিদ্ৰ লোকে নতুন ৰেচন কাৰ্ড লাভৰ সুযোগৰ পৰা বঞ্চিত হৈ আহিছে। চৰকাৰী কাৰ্যালয়ত ঘূৰি ফুৰি বিষয়া-ৰাজনীতিবিদৰ ওচৰত কাতৰ অনুৰোধ কৰি আহিছে, তথাপিও তেওঁলোকৰ ৰেচন কাৰ্ড প্ৰদান কৰা হোৱা নাই। তেওঁ কয় যে ক্ষমতালৈ অহাৰ পিছত আমি লোৱা প্ৰথম পদক্ষেপটো আছিল ৰেচন ব্যৱস্থাৰ বিস্তৃত অডিট কৰা। এই নিৰীক্ষণৰ পিছতে ৰেচন তালিকাৰ পৰা ৭৭১,৩৮৪জন অযোগ্য হিতাধিকাৰীৰ নাম আঁতৰোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande